
বিগত ৭৩ বছৰে প্ৰশাসনে ভাৰতৰ নিৰ্বাচন আয়ুক্তক (Election Commission of India) নিযুক্তি দি আহিছে। বাছনি সমিতিত ন্যায়পালিকাৰ প্ৰতিনিধি আছেনে নাই তাৰ ওপৰত নিৰ্বাচন আয়োগ বা কোনো প্ৰতিষ্ঠানৰ স্বাধীনতা বা কৰ্তৃত্ব নিৰ্ভৰ নকৰে। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তি সন্দৰ্ভত নতুন আইনখনৰ ওপৰত স্থগিতাদেশ বিচাৰি দাখিল কৰা গোচৰৰ গোটৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ত শপতনামাত কেন্দ্ৰই এই মন্তব্য কৰে।

দুগৰাকী নৱনিযুক্ত নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সন্ধু আৰু জ্ঞানেশ কুমাৰৰ অৰ্হতাৰ ওপৰত আবেদনকাৰীয়ে কোনো প্ৰশ্ন উত্থাপন কৰা নাই বুলিও আইন মন্ত্ৰালয়ে প্ৰকাশ কৰে। তেওঁলোকৰ উদ্দেশ্য আছিল কেৱল ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰা। নৰেন্দ্ৰ মোডী চৰকাৰে অনা নতুন আইনত নিৰ্বাচন আয়ুক্তক নিযুক্তি সন্দৰ্ভত কমিটীৰ পৰা অব্যাহতি দিয়া হৈছে দেশৰ মুখ্য ন্যায়াধীশক। এই কমিটীত প্ৰধানমন্ত্ৰী, তেওঁৰ পছন্দৰ আন এজন কেন্দ্ৰীয় মন্ত্ৰী আৰু লোকসভাত বিৰোধী দলৰ নেতা থাকে।
ফলত বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে চৰকাৰৰ সংখ্যাগৰিষ্ঠতা আৰম্ভণিৰে পৰাই নিযুক্তি সমিতিত আছে। নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেৰ অৱসৰ আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে আন এজন নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে হঠাতে পদত্যাগ কৰাৰ পিছতে সন্ধু আৰু জ্ঞানেশক নিযুক্তি দিয়া হয়। কংগ্ৰেছ নেতা জয়া ঠাকুৰ আৰু এডিআৰৰ দৰে সংগঠনে নিৰ্বাচন আয়ুক্ত আইনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ধাৰাবাহিক গোচৰ ৰুজু কৰে।
আজি উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কেন্দ্রই উক্ত আবেদনসমূহ খাৰিজ কৰাৰ বাবে প্ৰতিবাদ কৰে আৰু কয় যে আবেদনকাৰীসকলে নৱনিযুক্ত নিৰ্বাচন আয়ুক্তসকলৰ অৰ্হতাক লৈ কোনো প্ৰশ্ন উত্থাপন কৰা নাই। তেওঁলোকৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন কৰা হোৱা নাই। বৰঞ্চ ‘অসমৰ্থিত আৰু ক্ষতিকাৰক বক্তব্য’ দি ৰাজনৈতিক বিতৰ্ক সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে।
যিহেতু ১৫ মাৰ্চত উচ্চতম ন্যায়ালয়ত নতুন আইনখনৰ শুনানি অনুষ্ঠিত হৈছিল, সেয়েহে আগদিনা খৰখেদাকৈ দুজন নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়া হৈছিল কিন্তু কেন্দ্ৰই এই অভিযোগ মানি লোৱা নাই। বাছনি সমিতিত ন্যায়পালিকাৰ প্ৰতিনিধিত্ব থাকিলেহে নিৰ্বাচন আয়োগ বা যিকোনো সংগঠনে স্বতন্ত্ৰভাৱে কাম কৰিব পাৰিব বুলি চৰকাৰে যুক্তি দৰ্শাইছে। কেন্দ্ৰৰ তথ্য অনুসৰি, ১৩ মাৰ্চত দুজন নিৰ্বাচন আয়ুক্ত পদৰ সম্ভাৱ্য বিষয়াৰ চূড়ান্ত তালিকা বিৰোধী দলপতি অধীৰ চৌধুৰীক দিয়া হৈছিল।










