ASSAM TIMES POST,অজন্তা তালুকদাৰ, বোকাখাতঃ
বিগত পষেকটোত কাজিৰঙাৰ প্ৰলয়ংকাৰী বানত না-জল না-থল হৈ পৰিছে বন্যপ্ৰাণীৰ জীৱন। ইতিমধ্যে বহু বন্যাৰ্ত বন্যপ্ৰাণীৰ বান উটি নতুবা হাইলেণ্ডত আশ্ৰয় ল’বলৈ গৈ চলন্ত বাহনৰ খুন্দাত মৃত্যু ঘটিছে। এনে সময়তে কাজিৰঙাৰ নৰ্ডাৰ্ন ৰেঞ্জৰ মুখবন্ধা চাপৰিত উদ্ধাৰ হৈছে এটি মাতৃহীন তিনিমহীয়া মতা গঁড় পোৱালী।
Video source. WTI-IFAW
যোৱা ২২ জুলাইত কৰ্তব্যৰত বনকৰ্মীয়ে অকলশৰে থকা অৱস্থাত গঁড় পোৱালীটো প্ৰত্যক্ষ কৰে আৰু এই খবৰৰ ভিত্তিত ২৩ জুলাইত ডি এফ অ’ মুকুট দাস, বানাঞ্চলিক বিষয়া ড° প্ৰাঞ্জল গগৈ, লগতে ৰিংকু গোহাঁইৰ নেতৃত্বত এটি দলে গঁড় পোৱালীটো উদ্ধাৰ কৰি পাণবাৰীস্থ বন্যপ্ৰাণীৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ আনে। প্ৰথম অৱস্থাত কেইবা ঘণ্টা জুৰি চাপৰিটোত গঁড় পোৱালীটোৰ মাতৃৰ সন্ধান কৰা হয় যদিও মাতৃ গঁড়টিক দলটোৱে বিচাৰি উলিয়াব নোৱাৰি অৱশেষত ওখ ঘাঁহনীৰ জোপোহাৰ আঁৰত লুকাই থকা গঁড় পোৱালীটোক উদ্ধাৰ কৰি লৈ পাণবাৰীস্থ বন্যপ্ৰাণীৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ কেন্দ্ৰলৈ লৈ অহাৰ সিদ্ধান্ত গ্ৰহণ লয়। গঁড় পোৱালীটোৰ আটাইকেইখন ভৰিতে আঘাটৰ চিন দেখা গৈছে আৰু স্বাস্থ্যৰ শোচনীয় অৱস্থাত আছে। বৰ্তমান পাণবাৰীৰ বন্যপ্ৰাণীৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত গঁড় পোৱালীটো চিকিৎসাধীন হৈ আছে। গঁড় পোৱালীটোৰ ওপৰিও কেন্দ্ৰটোত অলপতে উদ্ধাৰ কৰা আৰু দুটা গঁড় পোৱালী আৰু এটা মাতৃহীনা হাতী পোৱালীও বৰ্তমানে চিকিৎসাধীন হৈ আছে। ইতিমধ্যে কেন্দ্ৰটোত পূৰ্বৰে পৰা সাতটা হাতী পোৱালী আৰু চাৰিটা নাহৰফুটুকী শুশ্ৰূষাধীন হৈ প্ৰতিপালিত হৈ আছে বুলি জানিব পৰা গৈছে৷












