ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

পাহাৰত শান্তিপূর্ণ পৰিৱেশত ভোটাৰৰ ব্যাপক সঁহাৰি:ডিফু লোকসভা সমষ্টিত ৫টা বজালৈকে ৭০.৬৭ শতাংশ ভোটদান সম্পন্ন

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 26, 2024
Reading Time: 1 min read
A A
0
পাহাৰত শান্তিপূর্ণ পৰিৱেশত ভোটাৰৰ ব্যাপক সঁহাৰি:ডিফু লোকসভা সমষ্টিত ৫টা বজালৈকে ৭০.৬৭ শতাংশ ভোটদান সম্পন্ন

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

দেশৰ ৮৮ লোকসভা আসনৰ লগতে আজি দ্বিতীয় পর্যায়ৰ ভোট গ্রহণত ভোটদান অনুষ্ঠিত হোৱা ৬নং ডিফু লোকসভা আসনৰ বাবে ভোটাৰৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয়। লোকসভা আসনখনৰ ৬টা বিধানসভা সমষ্টিত পুৱা ৭ বজাৰ পৰা ভোট গ্রহণ প্রক্রিয়া আৰম্ভ হয়। পুৱাৰে পৰা ভোট গ্রহণ কেন্দ্রসমূহত ভোটদাতাৰ ব্যাপক অংশ গ্রহণ পৰিলক্ষিত হয়। পুৱা ডিফুৰ লগতে আন কিছু অঞ্চলত ইভিএমৰ যান্ত্রিক বিজুতিৰ ফলত ভোট গ্রহণত কিছু পলম হৈছিল যদিও পুৱা ৯ বজাৰ পৰা প্রায় সকলো ভোট গ্রহণ কেন্দ্রত সুকলমে ভোট গ্রহণ প্রক্রিয়া চলি থকা পৰিলক্ষিত হয়।

পাহাৰত শান্তিপূর্ণ পৰিৱেশত ভোটাৰৰ ব্যাপক সঁহাৰি
পাহাৰত শান্তিপূর্ণ পৰিৱেশত ভোটাৰৰ ব্যাপক সঁহাৰি:

ডিফু লোকসভা আসনখনৰ বাবে অনুষ্ঠিত ভোট গ্রহণ প্রক্রিয়াত দুপৰীয়া ১ বজালৈ ৪৬.৩৭ শতাংশ ভোটদান হোৱা পৰিলক্ষিত হয়। ইয়াৰে হাফলং বিধানসভা এলেকাত সকলোতকৈ বেছি ৩০ শতাংশ ভোটদান হোৱা দেখা যায়। ডিফু লোকসভা আসনৰ বাবে বিজেপি দলে প্রক্ষেপ কৰা প্রার্থী অমৰছিং তিছ’য়ে পুৱা ১০.৩০ বজাত সপত্নীক ডিফুৰ পৰা প্রায় ২৫ কিলোমিটাৰ নিলগৰ লংনিত প্রাথমিক বিদ্যালয়ত ভোটদান সাব্যস্ত কৰে। ভোটদান কৰি তিছ’য়ে প্রায় ৯ লাখ ভোটৰ ভিতৰত ৮০ শতাংশ ভোট বিজেপি দলে লাভ কৰিব বুলি দাবী কৰি ২০ শতাংশ ভোটৰ বাবে কংগ্রেছ আৰু এপিএইচএলচি দলে সংগ্রাম কৰিব বুলি কটাক্ষ কৰে।

এইবাৰ ভোট গ্রহণ প্রক্রিয়াত জনতাৰ ব্যাপক অংশ গ্রহণ আৰু বিজেপি দলত বিভিন্ন দলৰ নেতা-কর্মীয়ে যোগদান কৰা কাৰ্যই দলৰ ভোটৰ শতাংশ বৃদ্ধি কৰাটো নিশ্চিত বুলি তিছ’য়ে দাবী কৰে। আনহাতে, পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি বিধানসভা সমষ্টিৰ ডালিমবাৰীত সপত্নীক ভোট প্রদান কৰি কংগ্রেছ প্রার্থী জয়ৰাম ইংলেঙে বিজেপিৰ অপশাসন আৰু স্বেচ্ছাচাৰিতাৰ বাবেই জনতাই এইবাৰ পাহাৰৰ জনতাই পৰিৱৰ্তন বিচাৰিছে বুলি দাবী কৰি কংগ্ৰেছ দল এইবাৰ বিজয়ী হোৱাটো নিশ্চিত বুলি উল্লেখ কৰি তেওঁ বিজয়ী হ’লে স্বায়ত্ত শাসিত ৰাজ্যৰ বিষয়টোক প্রথম অগ্রাধিকাৰ দিব বুলি প্রকাশ কৰে।

754442e4 dc5c 4e06 bfc0 136872a01c47 | ASSAM TIMES POSTইপিনে, পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত সপৰিয়ালে ভোট প্রদান কৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে এইবাৰ পাহাৰত বিজেপিৰ কোনো প্রতিদ্বন্দ্বী নাইবুলি দাবী কৰি ৪ লাখ ভোটত বিজেপি প্রার্থী অমৰছিং তিছ’ বিজয়ী হ’ব বুলি দাবী কৰে। তেওঁ কয় যে- নির্বাচনৰ পূর্বে লোকসভা সমষ্টিটোত চলোৱা জৰীপৰ জৰিয়তে তেওঁলোকে এইকথাত নিশ্চিত হৈছে। কার্বি আংলং জিলাত বিগত বর্ষসমূহত আমোল পৰিৱৰ্তন হোৱা বুলি দাবী কৰি এই পৰিৱৰ্তনৰ নেতৃত্ব অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লোৱা বুলি উল্লেখ কৰি আগন্তুক দুটা বছৰত পাহাৰত বিশেষকৈ পথ যোগাযোগৰ ক্ষেত্ৰত জনতাইবহু পৰিৱর্তন দেখা পাব বুলিও ৰংহাঙে দাবী কৰে।

পুৱা দুই পুত্ৰক লগত লৈ ভোটদান প্রক্রিয়াত অংশ গ্রহণ কৰা নির্দলীয় প্রার্থী জে আইকাথাৰে এইবাৰ পাহাৰত পৰিৱর্তনব সপক্ষেজনতা ওলাই অহা বুলি দাবী কৰি ৫ লাখ ভোট লাভ কৰি তেওঁ সমষ্টিটোৰ পৰা বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰে। স্বজন-তোষণ আৰু ব্যাপক দুর্নীতি, ষষ্ঠ অনুসূচীৰ ক্ষমতা কর্তন আদিৰ বিৰুদ্ধে জনতাই বেলটৰ জৰিয়তে এইবাৰ শাসকীয় দলক পৰাস্ত কৰিব বুলি কাথাৰে দাবী কৰে। আনহাতে, ডিমা হাচাও জিলাত নিজব ভোটদান সাব্যস্ত কৰি অসম চৰকাৰৰ মন্ত্রী নন্দিতা গালোছাই এইবাৰ পাহাৰত ব্যাপক ভোটত বিজেপি দলৰ প্রার্থী জয়ী হ’ব বুলি দাবী কৰি কংগ্ৰেছৰ পৰিৱৰ্তে নির্দলীয় জে আই কাথাৰৰ লগতহে বিজেপি দলৰ প্রতিদ্বন্দ্বিতা হ’ব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে।

ইফালে, জনছ ইংতি কাথাৰে হাফলং বিধানসভা সমষ্টিৰ হামৰি পৰিষদীয় সমষ্টি আৰু কাৰ্বি আংলং জিলাৰ ৰামছা পথাৰত বিগিং হোৱা বুলি দাবী কৰিও ৫ লাখ ভোট তেওঁ লাভ কৰিবলৈ সক্ষম হ’ব বুলি সংবাদমাধ্যমৰ আগত দাবী কৰে। উল্লেখনীয় যে বিগত কেইবাটাও দশকৰ পাছত উগ্রপন্থী সংগঠনৰ অস্তিত্ব অবিহনে এইবাৰ পাহাৰত ভোট গ্রহণ প্রক্রিয়া অনুষ্ঠিত হৈছে আৰু জনসাধাৰণে শান্তিপূর্ণৰূপে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। শাসকীয় দলটোৱে ব্যাপক ভোটত তেওঁলোকৰ বিজয় নিশ্চিত বুলি দাবী কৰিলেও পাহাৰত এইবাৰ বিজেপি দল নির্দলীয় জে আই কাথাৰ আৰু কংগ্ৰেছৰ জয়বাম ইংলেঙৰ তীব্র প্রত্যাহ্বানৰ সম্মুখীন হোৱা বুলি উচ্চাৰিত হৈছে।

আজি বহু কেইটা ভোট গ্রহণ কেন্দ্ৰত বহু নব্‌ প্রজন্মই শিক্ষা আৰু উন্নয়নৰ ভিত্তিত ভোটদান কৰা বুলি তাৎপর্যপূর্ণ মন্তব্য প্রদান কৰা পৰিলক্ষিত হয়। বাতৰি যুগুত কৰাৰ পৰলৈকে ডিফু লোকসভা সমষ্টিত ৭০.৬৭ শতাংশ ভোট গ্রহণ সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে। ভোটদানব শতাংশ নিশালৈ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কাৰণ বহু ভোটগ্রহণ কেন্দ্র দুর্গম স্থানত অৱস্থিত হোৱাৰ বাবে ভোটদানৰ সঠিক শতাংশ এতিয়ালৈকে নির্দ্ধাৰণ কৰিব পৰা হোৱা নাই।

Tags: ডিফু লোকসভা সমষ্টিত ৫টা বজালৈকে ৭০.৬৭ শতাংশ ভোটদান সম্পন্নপাহাৰত শান্তিপূর্ণ পৰিৱেশত ভোটাৰৰ ব্যাপক সঁহাৰি
Share4Tweet3Send

Related Posts

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ
National-International

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026
50
Material-First Product Architecture : Scaling IP-Driven Hardware Brands
National-International

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx