
লোকসভা নিৰ্বাচনৰ মাজতে বলৱৎকাৰী সঞ্চালকালয় (Enforcement Directorate) চমুকৈ ইডি (ED)ৰ ক্ষমতাৰ ওপৰত লেকাম টানিলে উচ্চতম ন্যায়ালয়ে (Supreme Court pulls down power)। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে বিশেষ আদালতত বিচাৰাধীন হৈ থকা ‘অবৈধ বিত্তীয় লেনদেন প্ৰতিৰোধ আইন’ (পিএমএলএ) গোচৰৰ ১৯ নং ধাৰাৰ অধীনত ইডিয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰে (ED cannot arrest the accused)। ইডিয়ে যদি এনে কোনো অভিযুক্তক জিম্মাত ৰাখিব বিচাৰে তেন্তে সংশ্লিষ্ট বিশেষ আদালতত আবেদন কৰিব লাগিব (An appeal has to be made in the special court to keep the accused in custody.)।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে বৃহস্পতিবাৰে এই নিৰ্দেশ জাৰি কৰি কয়, “যদি কোনো অভিযুক্তই চমনৰ প্ৰতি সঁহাৰি জনাই আদালতত হাজিৰ হয় তেন্তে ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সংশ্লিষ্ট আদালতত আবেদন কৰিব লাগিব। আদালতৰ অনুমতি অবিহনে হাজিৰ হোৱা অভিযুক্তক ইডিয়ে জিম্মাত ল’ব নোৱাৰে।” দুজন ন্যায়াধীশৰ বিচাৰপীঠৰ এই উল্লেখযোগ্য আদেশৰ লগতে বিচাৰপীঠৰ তাৎপৰ্যপূৰ্ণ নিৰ্দেশ, ”যদি পিএমএলএ গোচৰৰ অভিযুক্তই চমনৰ উত্তৰত আদালতত হাজিৰ হয়, তেন্তে তাত তেখেতে জামিনৰ বাবে পৃথকে আবেদন কৰাৰ প্ৰয়োজন নাই।”

এই গোচৰত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে কয় যে পিএমএলএৰ ৪৫ নং ধাৰাৰ দ্বৈত চৰ্ত কাৰ্যকৰী নহ’ব। কাকতালীয়ভাৱে ক’বলৈ গ’লে উক্ত দুটা চৰ্তৰ ভিতৰত প্ৰথমটো চৰ্তত কোৱা হৈছে যে যেতিয়া পিএমএলএৰ গোচৰৰ কোনো অভিযুক্তই জামিনৰ বাবে আদালতত আবেদন কৰে তেতিয়া প্ৰথমে শুনানিৰ বাবে চৰকাৰি আইনজীৱীৰ সন্মতিৰ প্ৰয়োজন হয়। চৰকাৰী আইনজীৱীয়ে দোষী নহয় বুলি সন্তুষ্ট হ’লেহে জামিন প্ৰদান কৰিব পাৰিব আৰু মুকলি হ’লে একেধৰণৰ অপৰাধ সংঘটিত কৰাৰ সম্ভাৱনা নাথাকে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বাবেই ইডিৰ উক্ত অতিৰিক্ত ক্ষমতা কাৰ্যত গুৰুত্বহীন হৈ পৰে৷
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত কাৰ্যকৰী হোৱা সংশোধিত পিএমএলএ আইনখনে ইডিক গ্ৰেপ্তাৰ, তালাচী, চমন জাৰি বা নগদ ধন জব্দ কৰাৰ স্বেচ্ছাচাৰী ক্ষমতা প্ৰদান কৰা বুলি বিভিন্ন অসামৰিক সংগঠন আৰু বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। ইডিৰ এই ক্ষমতা সংবিধানৰ মৌলিক অধিকাৰৰ বিৰুদ্ধে বুলিও অভিযোগ উত্থাপন হৈছিল।











