ASSAM TIMES POST
আজিজুৰ ৰহমান হাজৰিকা
বৰ্ধিত জনসংখ্যাৰ লগে লগে আমাৰ খাদ্য-শস্যৰ প্ৰয়োজনীয়তাও দিনক দিনে বাঢ়ি আহিছে। ইয়াৰ ফলত কৃষি উৎপাদন বৃদ্ধি অতিকে জৰুৰী হৈ পৰিছে। কিন্তু এই কৃষি উৎপাদন সুস্থিৰ মাত্ৰাত বহনক্ষম ব্যৱস্থাৰে বৃদ্ধি হব লাগিব, যাতে ইয়াৰ কুপ্ৰভাৱ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত নপৰে। বৰ্তমান বিজ্ঞানীসকলে অনুভৱ কৰিছে যে ‘সেউজ বিপ্লৱত ব্যৱহৃত অতিমাত্ৰাৰ বাহ্যিক দ্ৰৱ্য-পদাৰ্থবোৰৰ কাৰণে কৃষি ব্যৱস্থাৰ ভাৰসাম্য নোহোৱা হৈছে, যাৰফলত কৃষি আৰু পৰিৱেশৰ লগত জড়িত বিভিন্ন উপাদান যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। সেয়েহে জীৱন আৰু সম্পত্তি ৰক্ষা তথা ক্ষতিগ্ৰস্ত উপাদানসমূহক পুনৰুদ্ধাৰৰ বাবে এক প্ৰাকৃতিক ভাৰসাম্য ব্যৱস্থাৰ প্ৰয়োজন হৈছে। আনহাতে, বৰ্তমান সময়ত অতি মাত্ৰাত ব্যৱহৃত কৃষি-ৰসায়নসমূহৰ বেছিভাগেই জীৱাশ্ম ইন্ধনৰ পৰা সংশ্লেষিত আৰু এইবোৰ নৱীকৰণযোগ্য নহয়। সেয়েহে ভৱিষ্যতে ইয়াৰ পৰ্যাপ্ততাৰ ওপৰতো প্ৰশ্নবোধক আহি পৰিছে। ইয়াৰ উপৰি জীৱকুলৰ স্বাস্থ্যৰ লগতে মাটি, পানী আৰু জলবায়ু প্ৰদূষণৰ প্ৰতি ভয়ানক ভাবুকি কঢ়িয়াই আনিছে পৰম্পৰাগত কৃষি ব্যৱস্থাই। সেয়েহে ইয়াৰ বিকল্প প্ৰাকৃতিক কৃষি ব্যৱস্থা হিচাপে ‘জৈৱিক কৃষিৰ ধাৰণাৰ সৃষ্টি হৈছে আৰু বৰ্তমান সময়ত আৰু অনাগত ভৱিষ্যতৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা অতিকে অনুভৱ হৈছে।

জৈৱিক কৃষিৰ মুখ্য বৈশিষ্ট্যসমূহ
পৰিৱেশ-বন্ধু চৰিত্ৰ আৰু সুৰক্ষিত স্বাস্থ্যৰ অন্যতম ব্যৱস্থা হিচাপে জৈৱিক কৃষিৰ মুখ্য বৈশিষ্ট্যসমূহ হল-
১) জৈৱিক পদাৰ্থৰ স্তৰ নিয়ন্ত্ৰণেৰে ভূমিৰ উৰ্বৰতা দীৰ্ঘকালীন সময়লৈ অটুট ৰাখে। ইয়াৰ উপৰি ভূমিৰ জৈৱ-বৈজ্ঞানিক ক্ৰিয়াকলাপত অৰিহণা যোগায় আৰু সতৰ্কতাৰে যান্ত্ৰিক ক্ৰিয়াসমূহ সমাধা কৰে।
২) বাহ্যিক পুষ্টিকৰ উপাদান প্ৰয়োগ নকৰাকৈয়ে পৰোক্ষভাৱে শস্যক পৰিপুষ্টি যোগান ধৰে, যি পৰিপুষ্টিৰ উৎস ভূমিৰ ক্ষুদ্ৰ-জীৱাণুৰ কাৰ্যকলাপৰ দ্বাৰা উদ্ভিদৰ বাবে পৰ্যাপ্ত মাত্ৰাত সৃষ্টি হয়।
৩) জৈৱিক কৃষিত ব্যৱহৃত জৈৱিক নাইট্ৰজেন উৎস আৰু মাহজাতীয় উৎস (legumes)সমূহৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে নাইট্ৰজেনৰ প্ৰয়োজনীয়তা পূৰণ হয়, লগতে জৈৱিক সামগ্ৰী যেনে শস্যৰ অৱশিষ্ট আৰু পশুধনৰ মল-মূত্ৰ আদিৰ সফল প্ৰায়োগিক পুনৰ চক্ৰীকৰণ ঘটে।
৪) শস্যাৱৰ্তন, প্ৰাকৃতিক উপায়, বৈচিত্ৰ্যকৰণ, প্ৰাকৃতিক অৱশিষ্ট আদিৰ দৰে অপতৃণ, ৰোগ আৰু পোক নিয়ন্ত্ৰণ পদ্ধতি ব্যৱহাৰৰ ফলত ভূমিৰ ধাৰক ক্ষমতা বৃদ্ধি হয় আৰু ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰৰ প্ৰয়োজনীয়তা নোহোৱা হয় বা প্ৰয়োগ সীমিত হয়।
৫) জৈৱিক কৃষি ব্যৱস্থাত গ্ৰহণ কৰা সাৱধানতা আৰু অতি মনোযোগৰ বাবে পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱ সীমিত হয় আৰু বন্যপ্ৰাণী তথা প্ৰাকৃতিক বাসস্থান সুৰক্ষিত হয়।

ইয়াৰ উপৰি তলৰ বৈশিষ্ট্যসমূহক জৈৱিক কৃষিৰ ভেটি হিচাপে গণ্য কৰা হয়
১) ই স্থানীয় আৰু নৱীকৰণযোগ্য উৎসৰ ওপৰত নিৰ্ভৰশীল
২) সৌৰশক্তিৰ ই সঠিক প্ৰয়োগ কৰে আৰু জৈৱ-বৈজ্ঞানিক ব্যৱস্থাৰ উৎপাদন সক্ষমতা বৃদ্ধি কৰে
৩) ভূমিৰ উৰ্বৰতা নিয়ন্ত্ৰণ কৰে
৪) সৰ্বাধিক মাত্ৰাত উদ্ভিদ পৰিপুষ্টি আৰু জৈৱিক উপাদানৰ পুনৰ চক্ৰীকৰণ কৰে
৫) বাহ্যিক উপাদান প্ৰকৃতিলৈ সৰবৰাহ নকৰে
৬) কৃষি ব্যৱস্থাৰ প্ৰেক্ষাপটত উৎপাদন ব্যৱস্থাৰ বৈচিত্ৰ্য ই বৰ্তাই ৰাখে
জৈৱিক কৃষিৰ প্ৰসাৰতা আৰু সুবিধাঃ
ফ্ৰিক, ছুইজাৰলেণ্ডৰ জৈৱিক কৃষি গৱেষণা প্ৰতিষ্ঠান (Research Institute of Organic Agriculture, FiBL) আৰু জাৰ্মানীৰ জৈৱিক কৃষি আন্দোলনৰ আন্তঃৰাষ্ট্ৰীয় ফেডাৰেচন (International Fedaration of Organic Agriculture Movements, IFOAM) আৰু বিশ্বস্তৰৰ প্ৰামাণীকৃত জৈৱিক কৃষি সমীক্ষা (The World of Organic Agriculture- Statistics and Emerging Trends 2015) মতে বিশ্বৰ ১৭০খন দেশৰ প্ৰায় ৪৩.১ মিলিয়ন হেক্টৰ ভূমিক জৈৱিক হিচাপে প্ৰামাণীকৃত কৰা হৈছে আৰু এই অধ্যয়নে প্ৰকাশ কৰামতে, দেশসমূহৰ মুঠ কৃষিভূমিৰ ই হৈছে ১ শতাংশ। সৰ্বাধিক জৈৱিক কৃষিভূমি থকা অঞ্চলসমূহৰ ভিতৰত প্ৰথম স্থানত আছে ওচেনিয়া (১৭.৩ মিলিয়ন হেক্টৰ)। ইয়াৰ পিছত আছে ক্ৰমান্বয়ে ইউৰোপ (১১.৫ মিলিয়ন হেক্টৰ), লেটিন আমেৰিকা (৬.৬ মিলিয়ন হেক্টৰ), এছিয়া (৩.৪ মিলিয়ন হেক্টৰ), উত্তৰ আমেৰিকা (৩ মিলিয়ন হেক্টৰ) আৰু আফ্ৰিকা (১.২ মিলিয়ন হেক্টৰ)। দেশ হিচাপত সৰ্বাধিক জৈৱিক কৃষিভূমি থকা তিনিখন দেশ হৈছে ক্ৰমে অষ্ট্ৰেলিয়া (১৭.২ মিলিয়ন হেক্টৰ), আৰ্জেণ্টিনা (৩.২ মিলিয়ন হেক্টৰ) আৰু আমেৰিকা (২.২ মিলিয়ন হেক্টৰ)। এই কৃষিভূমিসমূহৰ বাদেও আন যথেষ্ট পৰিমাণৰ জৈৱিক ক্ষেত্ৰ আছে, যিবোৰৰ বেছিভাগেই বনাঞ্চল আৰু সেইসমূহৰ পৰা জৈৱিক বন উৎপাদন সংগ্ৰহ কৰা হয়।

ইয়াৰ উপৰি অনা-কৃষিভূমিৰ অন্তৰ্গত জৈৱিক ক্ষেত্ৰ হিচাপে একুৱাকালচাৰ আৰু চৰণীয়া পথাৰো আছে। এনেধৰণৰ অনা-কৃষিভূমি জৈৱিক ক্ষেত্ৰৰ পৰিমাণ ৩৫ মিলিয়ন হেক্টৰতকৈ অধিক। কৃষিভূমি আৰু অনা-কৃষিভূমি জৈৱিক ক্ষেত্ৰৰ মুঠ পৰিমাণ হল ৭৮ মিলিয়ন হেক্টৰ। উল্লেখ্য যে ২০১৩ বৰ্ষত এই ক্ষেত্ৰসমূহৰ পৰা প্ৰায় ২ মিলিয়ন জৈৱিক উৎপাদক পঞ্জীকৃত হৈছে। আনহাতে, বিশ্ব জৈৱিক উৎপাদনৰ ৩৬ শতাংশ উৎপাদক এছিয়াৰ। ইয়াৰ পিছত হল ক্ৰমে আফ্ৰিকা (২৯ শতাংশ) আৰু ইউৰোপ (১৭ শতাংশ)। দেশ হিচাপে সৰ্বাধিক উৎপাদক হল ভাৰতৰ– ৬,৫০,০০০। ইয়াৰ পিছত ক্ৰমে উগাণ্ডা (১,৮৯,৬১০) আৰু মেক্সিকো (১,৬৯,৭০৩)। বিশ্বৰ তিনিভাগৰ এভাগ জৈৱিক কৃষিভূমি (১১.৭ মিলিয়ন হেক্টৰ) আৰু প্ৰায় ৮০ শতাংশ (১.৭ মিলিয়ন) উৎপাদক বিকাশশীল দেশসমূহৰ আৰু তাত আছে এক বিশাল বাণিজ্য ক্ষেত্ৰ। প্ৰায় ৯০ শতাংশ জৈৱিক কৃষিভূমিৰ ব্যৱহাৰৰ ধৰণ উপলব্ধ। আনহাতে, কিছুমান দেশ যেনে অষ্ট্ৰেলিয়া, ব্ৰাজিল আৰু ভাৰতত বৃহৎ আকাৰত জৈৱিক কৃষি ক্ষেত্ৰ আছে যদিও সেইসমূহৰ ভূমি ব্যৱহাৰৰ ধৰণ সম্পৰ্কীয় তথ্য উপলব্ধ নহয়।
আনহাতে, প্ৰায় দুই-তৃতীয়াংশ (২৭ মিলিয়ন হেক্টৰ) জৈৱিক কৃষিভূমি হল ঘাঁহনি-চৰণীয়া পথাৰ। লগতে কমেও ৭.৭ মিলিয়ন হেক্টৰ, অৰ্থাৎ ২০ শতাংশ জৈৱিক কৃষিভূমি হল আবাদী ভূমি (arable land)। জৈৱিক কৃষিৰ বৃদ্ধিৰ হাৰ ২০১২ চনত প্ৰায় ৩ শতাংশ বুলি নিৰ্ধাৰণ কৰা হৈছে। এই ভূমিসমূহৰ বেছিভাগেই ধান (৩.৩ মিলিয়ন হেক্টৰ), সেউজীয়া পশুখাদ্য (২.৪ মিলিয়ন হেক্টৰ), তৈলবীজ (০.৮ মিলিয়ন হেক্টৰ), পাচলি (০.৩ মিলিয়ন হেক্টৰ) আৰু প্ৰটিনজাতীয় শস্য উৎপাদনত ব্যৱহাৰ হয়। স্থায়ী শস্য ৰোপণৰ জৈৱিক কৃষিভূমিৰ পৰিমাণ হল ৭ শতাংশ, প্ৰায় ৩.২ মিলিয়ন হেক্টৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ জৈৱিক স্থায়ী শস্য হল– কফি (০.৭ মিলিয়ন হেক্টৰ, মুঠ জৈৱিক স্থায়ী শস্যৰ এক তৃতীয়াংশ), অলিভ (০.৬ মিলিয়ন হেক্টৰ), তালজাতীয় আৰু আঙুৰ (০.৩ মিলিয়ন হেক্টৰ) আৰু কোকোৱা (০.২ মিলিয়ন হেক্টৰ)।

জৈৱিক উৎপাদনৰ গোলকীয় বজাৰ
২০১৩ চনত প্ৰাপ্ত তথ্যমতে, জৈৱিক খাদ্য আৰু পানীয়ৰ গোলকীয় ব্যৱসায় ৭২ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হয়। এই ৰাজহ বৃদ্ধিৰ হাৰ ১৯৯৯ চনৰ পৰা প্ৰায় ৫ গুণ। শেহতীয়া দশককেইটাত জৈৱিক উৎপাদনৰ বিক্ৰীৰ হাৰ লক্ষণীয়ভাৱে বৃদ্ধি পাই আহিছে আৰু জৈৱিক উৎপাদন নিৰীক্ষকসকলে পুৰ্বানুমান কৰামতে এই বৃদ্ধিৰ হাৰ আগন্তুক দশককেইটাতো অব্যাহত থাকিব। উল্লেখ্য যে জৈৱিক উৎপাদনৰ গোলকীয় বজাৰত ইউৰোপ আৰু উত্তৰ আমেৰিকাই আধিপত্য বজাই ৰাখিছে– এই দুয়োখন মহাদেশে মুঠ গোলকীয় বিক্ৰীৰ ৯০ শতাংশতকৈ অধিক অকলেই বিক্ৰী কৰিছে। এই ক্ষেত্ৰত যদিও এছিয়া, অষ্ট্ৰেলিয়া, লেটিন আমেৰিকা আৰু আফ্ৰিকা জৈৱিক কৃষিশস্যৰ গুৰুত্বপূৰ্ণ উৎপাদক, তেওঁলোকৰ জৈৱিক উৎপাদনৰ বজাৰ এতিয়াও নিচেই সৰু হৈ আছে। ২০১৩ চনৰ তথ্যমতে, বৃহৎ জৈৱিক বজাৰৰ দেশসমূহৰ ভিতৰত আছে আমেৰিকা (২৪.৩ বিলিয়ন ইউৰো), জাৰ্মানী (৭.৬ বিলয়িন ইউৰো) আৰু ফ্ৰান্স (৪.৪ বিলিয়ন ইউৰো)। সৰ্ববৃহৎ একক বজাৰ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ (গোলকীয় বজাৰৰ প্ৰায় ৪৩ শতাংশ)। ইয়াৰ পিছত আছে ক্ৰমে ইউৰোপীয় সংঘ (২২.২ বিলিয়ন ইউৰো, ৪০ শতাংশ) আৰু চীন (২.৪ বিলিয়ন ইউৰো)। ১০০ ইউৰোৰ ওপৰত সৰ্বাধিক জনমূৰি ব্যৱহাৰত আছিল ক্ৰমে ছুইজাৰলেণ্ড, ডেনমাৰ্ক আৰু লাক্সেমবাৰ্গ। সৰ্বাধিক মাৰ্কেট শ্বেয়াৰৰ ভিতৰত আছিল ক্ৰমে ডেনমাৰ্ক (৮ শতাংশ), ছুইজাৰলেণ্ড (৬.৯ শতাংশ) আৰু অষ্ট্ৰিয়া (৬.৫ শতাংশ)।
ভাৰতত জৈৱিক কৃষি
পশ্চিমীয়া দেশবোৰত জৈৱিকভাৱে উৎপাদিত খাদ্য আৰু তাৰপৰা সংশ্লেষিত দ্ৰৱ্যৰ ক্ৰমবৰ্ধমান চাহিদাৰ পৰিপ্ৰেক্ষিতত ভাৰততো আধুনিক জৈৱিক কৃষিৰ ধাৰণাই গা কৰি উঠে। লগে লগে বিভিন্ন সংস্থা আৰু ব্যক্তি বিশেষৰ তৎপৰতাত জৈৱিক আন্দোলনৰ ধাৰা সৃষ্টি হয়, যাতে ভূমিৰ গুণাগুণ অক্ষুণ্ণ ৰাখি পৰিৱেশ আৰু পানী প্ৰদূষণ ৰহিত স্বাস্থ্যকৰ খাদ্য উপাদান উৎপাদন কৰিব পৰা যায়। এই ধাৰাক অধিক গতিশীল কৰিবৰ বাবে ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰণালয়ে ২০০০ চনত ‘জৈৱিক উৎপাদনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী’(National Programme on Organic Production, NPOP) প্ৰৱৰ্তন কৰে, যাৰদ্বাৰা ‘জৈৱিক উৎপাদনৰ ৰাষ্ট্ৰীয় মান’ (National Standard of Organic Production, NSOP) নিৰূপণ কৰিব পৰা যায় আৰু উৎপাদকসকলক একেখন মঞ্চত উপনীত কৰাই প্ৰমাণ-পত্ৰকৰণ প্ৰক্ৰিয়া সমাপন কৰিব পৰা যায়। ভাৰতত বৰ্তমান জৈৱিক উৎপাদকসকলক প্ৰামাণীকৰণ কৰিবৰ বাবে ৩০টা এজেন্সী আছে।

জৈৱিক ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু প্ৰযুক্তি হস্তান্তৰৰ বাবে কৃষি মন্ত্ৰণালয়ে ‘জৈৱিক কৃষি উত্তৰণৰ বাবে ৰাষ্ট্ৰীয় প্ৰকল্প’(National Project on Promotion of Organic farming, NPOF-DAC) ইতিমধ্যে ৰূপায়ণ কৰিছে আৰু জৈৱিক আৰু জৈৱ-বৈজ্ঞানিক উপাদান উৎপাদন গোট, কেঁচুসাৰ উৎপাদন গোট স্থাপনৰ লগতে জৈৱিক কৃষি আঁকোৱালি লোৱা আৰু প্ৰামাণীকৰণৰ বাবে বিভিন্ন আঁচনি যেনে এন এইচ এম (বৰ্তমান এম আই ডি এইচ), এন এম এছ এ আৰু আৰ কে ভি ৱাইৰ জৰিয়তে পৰ্যাপ্ত পুঁজি মুকলি কৰি দিছে। প্ৰামাণীকৰণ প্ৰক্ৰিয়াত অংশগ্ৰহণেৰে কৃষকসলক সবলীকৰণ কৰা আৰু ঘৰুৱা আৰু স্থানীয় বজাৰৰ বাবে প্ৰামাণীকৰণ প্ৰক্ৰিয়া যাতে সকলোৰে বাবে বহনক্ষম হয় তাৰবাবে কৃষি মন্ত্ৰণালয়ে পি জি এছ-ভাৰত কাৰ্যসূচী (PGS-India Programme)ৰ অধীনত ‘কৃষক দলকেন্দ্ৰিক জৈৱিক গেৰাণ্টি ব্যৱস্থা’ (Farmer Group centric Organic Guarantee System)ও ৰূপায়ণ কৰিছে।
২০১৪ চন পৰ্যন্ত প্ৰাপ্ত তথ্যমতে, ভাৰতত ৪.৭২ মিলিয়ন হেক্টৰ ভূমি জৈৱিক কৃষিৰ প্ৰামাণীকৰণ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰে ০.৬ মিলিয়ন হেক্টৰ কৃষিভূমি আৰু ৪.১২ মিলিয়ন হেক্টৰ বনাঞ্চলৰ পৰা বন উৎপাদন সংগ্ৰহ এলেকা। ২০১২-১৩ বৰ্ষত ভাৰতে ১৯০০ কোটি টকা মূল্যৰ ১৩৫বিধ বিভিন্ন প্ৰকাৰৰ ১,৬৫,২৬২ মেট্ৰিকটন জৈৱিক উৎপাদন ৰপ্তানি কৰিছে। ঘৰুৱা বজাৰো বাৰ্ষিক ১৫-২৫ শতাংশ হাৰত বৃদ্ধি পাইছে। বাংগালুৰুৰ আই চি চি অ’এ নামৰ সংস্থাৰ দ্বাৰা চলোৱা এক সমীক্ষাত প্ৰাকশ পোৱামতে, ২০১২-১৩ বৰ্ষৰ ঘৰুৱা বজাৰ হল ৬০০ কোটি টকা।

২০০৪ চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা জৈৱিক কৃষিৰ ৰাষ্ট্ৰীয় প্ৰকল্পৰ পিছৰে পৰা নিৰৱচ্ছিন্নভাৱে চলাই অহা প্ৰচেষ্টাৰ ফলত বহুতো ৰাজ্যই জৈৱিক কৃষিত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে আৰু ৰাজ্যসমূহে নিজাববীয়াকৈ পলিচীও গ্ৰহণ কৰি জৈৱিক কৃষিৰ উত্তৰণত আগভাগ লৈ আহিছে। বৰ্তমানলৈকে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, তামিলনাডু, হিমাচল প্ৰদেশ, ছিকিম, নাগালেণ্ড আৰু মিজোৰামকে ধৰি ১১খন ৰাজ্যই জৈৱিক কৃষি উত্তৰণ পলিচী গ্ৰহণ কৰিছে। প্ৰায় ৭৫,০০০ হেক্টৰ ভূমিত জৈৱিক কৃষিৰে ছিকিমে ২০১৬ চনৰ জানুৱাৰীত দেশৰ প্ৰথমখন জৈৱিক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছে।
উল্লেখ্য যে ছিকিম বিধানসভাত ২০০৩ চনত ৰাজ্য চৰকাৰে ছিকিমক জৈৱিক কৃষিৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰাৰ ১২ বছৰ পিছত ৰাজ্যখনে এই অনন্য স্বীকৃতিৰ লক্ষ্যত উপনীত হবলৈ সক্ষম হয়। আনহাতে, জৈৱিক ৰাজ্যৰ শাৰীত উপনীত হোৱাৰ দৌৰত থকা দেশৰ অন্য ৰাজ্যসমূহৰ ভিতৰত বৰ্তমান উত্তৰাখণ্ড, মধ্যপ্ৰদেশ, ছত্তীশগড়, হিমাচল প্ৰদেশ, মণিপুৰ আৰু অৰুণাচলে আগবাঢ়ি আছে।













