
গভীৰ নিশা ঘৰৰ সদস্যসকল শুই থকাৰ সময়তে একেলগে ৮ জন লোকক হত্যা (8 people killed)। হত্যাকাণ্ডৰ পিছত ঘৰৰ পৰা পলাই গৈ অভিযুক্তয়ো আত্মহত্যা (The accused also committed suicide) কৰে। এই নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি মধ্যপ্ৰদেশত (Madhya Pradesh) এক উত্তেজনাৰ সৃষ্টি হৈছে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে পুৱা ২.৩০ৰ পৰা ৩ বজাৰ ভিতৰত ছিণ্ডৱাৰাৰ তামিমাৰ সমীপৰ এখন বনাঞ্চলৰ জনজাতীয় গাঁৱত সংঘটিত হয় এই হত্যাকাণ্ড। দীনেশ নামৰ এজন যুৱকে মাতৃ, পত্নী আৰু সন্তানসহ ৮ জন আত্মীয়ক হত্যা কৰে।

সকলোৰে থিতাতে মৃত্যু হয়। পৰিয়ালটোৰ লোকসকলৰ কান্দোনৰ শব্দ শুনি গাঁৱৰ মানুহবোৰ দৌৰি আহি দেখে যে ঘৰৰ পৰা তেজ নৈ বৈ গৈছে। তেনেতে দীনেশ ঘৰৰ পিছফালেৰে পলাই গৈ হাবিলৈ যায়। কিছু সময়ৰ পাছত আৰক্ষীয়ে হাবিখনৰ পৰা উদ্ধাৰ কৰে দীনেশৰ চিপ লোৱা মৃতদেহ।
এই ঘটনাত দীনেশৰ ১০ বছৰীয়া পুত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গাঁওবাসীয়ে জনোৱা মতে, হত্যাকাৰী যুৱকজন মানসিকভাৱে অসুস্থ। আনহাতে, এনে চৰম পদক্ষেপ লোৱাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।










