ASSAM TIMES POST
নিউজ ডেস্ক
‘ছাপ’র্ট দীপিকা’, ‘বয়কট ছপাক’ অথবা ‘শ্বেম অন বলীউড’। এনেধৰণৰ শব্দবাণৰ সৈতে এতিয়া হেজ-টেগ আলাপ ছ’চিয়েল মিডিয়াত। তাণ্ডৱৰ পিছত জেএনইউৰ আক্রান্ত ছাত্র-ছাত্রীসকলৰ কাষত উপস্থিতিক লৈ এতিয়া দীপিকা পাডুকনক একেলগে নন্দিত আৰু নিন্দিত কৰিছে ভার্চুৱেল জগতখনে। তেওঁৰ সপক্ষে আৰু বিপক্ষে, এই দুটা মেৰুত বিভক্ত ইণ্টাৰনেট জগতৰ ভার্চুৱেল ৱাল।
জেএনইউ-কাণ্ডত আক্ৰান্ত শিক্ষাৰ্থীসকলৰ ওচৰৰ পৰা খবৰ ল’বলৈ মঙলবাৰে সন্ধ্যা দীপিকা উপস্থিত হৈছিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সবৰমতী টী-পয়ণ্টত। ছাত্র-ছাত্রীসকলৰ সমাবেশত ছাত্র সংসদৰ সভানেত্রী ঐশী ঘোষৰ ওচৰলৈ গৈ প্রতিবাদত অংশগ্ৰহণ কৰিছিল তেওঁ। ক’লা হাইনেক পিন্ধি থকা দীপিকাৰ বিমৰ্ষ ছবি দ্রুতগতিত বিয়পি পৰিছিল ইণ্টাৰনেটত।
প্রথমে কেৱল প্রশংসা। সাধাৰণ জনতাতো বাদেই, বলীউডৰ তাৰকাসকলেও সাধুবাদ জনাইছিল দীপিকাক। পৰিচালক অনুৰাগ কশ্যপ আৰু নিখিল আডৱানীয়ে কয়, প্রযোজক হিচাবে প্রথম ছবিৰ মুক্তিৰ দিশে দীপিকাৰ এই পদক্ষেপ যথেষ্ট সাহসী আৰু প্রশংসনীয়। অনুৰাগেতো তেওঁৰ টুইটাৰৰ প্ৰ’ফাইলৰ ছবিয়েই সলনি কৰি পেলায়। তাত দেখা গৈছে— ঐশী ঘোষৰ সন্মুখত নমস্কাৰৰত দীপিকাক।

উল্লেখ্য যে অহা শুকুৰবাৰ, ১০ জানুৱাৰীত মুক্তিলাভ কৰিব দীপিকা প্ৰযোজিত ছবি ‘ছপাক’। প্রযোজক হিচাবে এইখনেই দীপিকাৰ প্রথম ছবি। মেঘনা গুলজাৰ পৰিচালিত এই ছবিখনে তুলি ধৰিছে এচিড আক্রান্ত লক্ষ্মী আগৰৱালাৰ জীৱন সংগ্রামৰ কাহিনী। ‘মালতী’ নামৰ মূল চৰিত্রত অভিনয় কৰিছে দীপিকাই। ছবিৰ প্রচাৰৰ বাবে তেওঁ এতিয়া বিভিন্ন চহৰ ঘূৰি ফুৰিছে।
তেওঁ সবৰমতী টী-পয়ণ্টলৈ যোৱাটো ছবিৰ সুকৌশলী প্রচাৰৰ অঙ্গ নেকি! এনেকুৱাই মন্তব্য কঙ্গনা ৰাণাৱাতৰ ভগ্নী ৰঙ্গোলি চাণ্ডেলসহ ইণ্টাৰনেটৰ একাংশৰ। ৰঙ্গোলিৰ মতে, দীপিকা জেএনইউ গৈছিল ‘ছপাক’ৰ মুক্তিৰ পূৰ্বে নিজৰ জনসংযোগ মজবুত কৰিবলৈ।
ইফালে মঙলবাৰে সন্ধ্যাই প্রতিবাদী দীপিকাৰ সমালোচনাত পোষ্ট কৰে বিজেপিৰ মুখপাত্র তাজিন্দৰ পাল সিং বাগ্গাই। টুইটাৰত তেওঁ দীপিকাক বয়কটৰ আহ্বান জনায়৷ ইয়াৰ পিছতেই ইণ্টাৰনেটত ক্ৰমাৎ বৃদ্ধি পাই গৈ থাকে অভিনেত্রীগৰাকীৰ প্রতি বিদ্বেষমূলক মন্তব্য। তীব্র হয় ‘বয়কটৰ আহ্বান’। অনেকে ‘ছপাক’ৰ টিকট কেনচেল কৰি তাৰ স্ক্রিনশ্বটো শ্বেয়াৰ কৰ। কিন্তু ‘বয়কট ছপাক’ৰ প্ৰত্যুত্তৰ হেজ-টেগত ‘ছপাক দেখো টপাক সে’ আহিবলৈও সময় নলয়।
অনেকে এইবাৰ হেজ-টেগ, হেজ-টেগৰ প্ৰত্যুত্ত ৰনিদি পোনে পোনে দীপিকাৰ সমর্থনত ফেচবুক আৰু টুইটাৰত বার্তা পোষ্ট কৰে। অনুৰাগ কশ্যপ, নিখিল আডৱানীৰ লগে লগে শ্বাবানা আজমী, চিমি গাৰৱাল, স্বৰা ভাস্কৰ, বিশাল ভৰদ্বাজ, ৰিচা চড্ডাৰ দৰে তাৰকাসকলে দীপিকাক সমৰ্থন জনাই তেওঁ পক্ষত থিয় দিয়ে৷ সহ-অভিনেত্রীক সমর্থন কৰিছে ‘ছপাক’ত দীপিকাৰ বিপৰীতে অভিনয় কৰা বিক্রান্ত মেছীয়ে।
উল্লেখ্য যে ঐতিহ্যমণ্ডিত এই উচ্চ শিক্ষাৰ প্রতিষ্ঠানখনত এনে লজ্জাজনক আক্ৰমণৰ পিছত তিনি প্রভাৱশালী ‘খান’সহ অমিতাভ বচ্চন, ৰণবীৰ-দীপিকা কিয় নিশ্চুপ হৈ আছে, সেই বিষয়েও প্রশ্ন তুলি ক্ষোভ উজাৰিছে ‘নেটিজেন’সকলে। ‘পাবলিক ফিগাৰ’ হোৱা সত্ত্বেও কিয় তেওঁলোকে ঘটনাক লৈ এটা বাক্যও খৰচ কৰা নাই, তাকে লৈ প্রশ্ন তুলিছি অনেকেই।
আনহাতে, সোমবাৰে মুম্বাইত জেএনইউ-কাণ্ডৰ প্রতিবাদত যি সমদল উলিওৱা হৈছিল, তাত অংশগ্ৰহণ কৰিছিল অনুৰাগ কশ্যপ, অনুৰাগ বসু, তাপসী পান্নু, গহৰ খান, বিশাল ভৰদ্বাজ, ৰিচা চাড্ডা, আলি ফজল, ৰিমা কাগতি, দিয়া মির্জাসহ বলীউডৰ বহুকেইজন পৰিচিত মুখে। অনিল কাপূৰ আৰু আদিত্য ৰয় কাপূৰেও মঙলবাৰে এই ঘটনাৰ তীব্র প্রতিবাদ জনায়।













