ASSAM TIMES POST
বাৰেবৰনীয়া শোভাযাত্ৰা, কবি সন্মিলন , মুকলি সভা , গ্ৰন্থ উন্মোচন, সাংস্কৃতিক সন্ধিয়াৰে উজ্বলিল ডালিমবাৰী
অসম সাহিত্য সভাই কোনো কাৰণতে “কা” নামানে আৰু মানিব নোৱাৰে – পদুম ৰাজখোৱা
পশ্চিম কাৰ্বিআংলং : পশ্চিম কাৰ্বিআংলং জিলাৰ দোৱাৰ আমলা পৰিষদৰ সমষ্টিৰ ডালিমবাৰীত কালিৰে পৰা অনুষ্ঠিত হৈ থকা পশ্চিম কাৰ্বি আংলং জিলাৰ দ্বি- বাৰ্ষিক প্ৰথমখন অধিবেশনৰ আজি সামৰণি পৰে । আজি পুৱা আদৰণি সমিতিৰ কাৰ্য্যকৰী কৃষ্ণকান্ত সিংহই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাই ডালিমবাৰীৰ আকাশ বতাহ বৰ্ণময় হৈ পৰে ।

গায়ন – বায়নৰ জোৰা , কাৰ্বি , ডিমাচা , নেপালী ,বড়ো ,তিৱা ,আদিবাসী , বঙালী সম্প্ৰদায়ৰ কীৰ্ত্তন , আদি বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰ শোভাযাত্ৰাই পাহাৰ- ভৈয়ামৰ সংগমস্হলী ডালিমবাৰীক প্ৰদান কৰে অন্য এক মাত্ৰা । দিনৰ ১২ বজাত অনুষ্ঠিত হয় কবি সন্মিলন । জয়চিং টকবিয়ে উদ্বোধন কৰা কবি সন্মিলন খনিৰ সঞ্চালনা কৰে বৈঠালাংছ’ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধনছিং ইংজাই ।
বিশিষ্ট কবি প্ৰেমনাৰায়ণ নাথে আলোচক হিচাবে অংশগ্ৰহণ কৰা কবি সন্মিলন খনত সুনীল বৰা ,বীনা ৰংহাংপী ,লহৰ নৰম , বুদ্বেশ্বৰ বৰদলৈ ,প্ৰাঞ্জনা বৰদলৈ , বাপন ক্ৰ’ ,মাখন চৰকাৰ ,মৌচুমী হাজৰিকা , সোনমনি মেচ , মনচিনা খাতুন ফৌৰাজী , প্ৰেমৰুজ বড়া , বিপ্লৱ মণ্ডল , নয়নমণি চৰকাৰ ,মুন্না বিশ্বাস ,প্ৰভাত চৰকাৰ , লতামনি শৰ্মা , হিতেন কুমাৰ নাথ ,প্ৰকাশ গাওঁখোৱা ,অপূৰ্ব বড়া আদিয়ে ।
ইয়াৰ পাছতে অসম সাহিত্য সভাৰ আজীৱন সদস্য সকলক প্ৰমাণ পত্ৰ বিতৰণ কাৰ্য্যসূচীত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই অসম সাহিত্য সভাৰ নতুনকৈ হোৱা আজীৱন সদস্য সকলক অসম সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি অসমৰ সাম্প্ৰতিক পৰিস্হিতিৰ বিষয়ে ব্যাখ্যা কৰি কয় ” অসমত বৰ্তমানে জলন্ত সমস্যা হৈ থকা নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ অসম সাহিত্য সভাই কোনো কাৰণতে মানিব নোৱাৰে আৰু নামানে ” বুলি দৃঢ় ভাৱে মন্তব্য কৰি এই ক্ষেত্ৰত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ব্যবস্হা গ্ৰহন কৰিবলৈ দাবী জনায় ।
বিয়লি অনুষ্ঠিত হয় মুকলি সভা ।
নৱ নিৰ্বাচিত পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি ৰানা কাফলেৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে প্ৰবিত্ৰ বৰাই । আদৰণি সমিতিৰ সভাপতি প্ৰভাত তাৰ’য়ে আদৰণি ভাষণ পাঠ কৰা সভাখনত বিশিষ্ট অতিথি আৰু মুখ্য অতিথি হিচাবে কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাং , ৩ নংডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেণচিং বে’ , বৈঠালাংছ’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অনন্ত কুমাৰ বৰা , কাৰ্য্যবাহী সদস্যদ্বয় প্ৰদীপ ডিফুচা , মাধুৰ্য্য ঢেকীয়াল ফুকন , প্ৰাক্তন সভাপতি নিত্যানন্দ গোস্বামী , যতীন্দ্ৰ সুত ,কাৰ্বি লামেট আমৰিৰ সভাপতি ধনছিং ৰংহাঙ , হেমাৰী চেনাৰৰ লগতে বহু সাহিত্য অনুৰাগীয়ে অংশ গ্ৰহণ কৰে ।













