
খটখটী আৰক্ষীয়ে আজি খটখটী থানাৰ (Khatkhati Thana) অধীনৰ লাহৰিজান বাছবাৰী (Laharijan Busbari) নামৰ ঠাইত বাহৰ পাতি ড্ৰাগছৰ বেহা চলাই থকা এটা ড্ৰাগছ বিক্রেতাক গ্ৰেপ্তাৰ (Drug peddler arrested) কৰিবলৈ সক্ষম হয়। আৰক্ষীসূত্ৰে- জানিব পৰা মতে মৰিগাঁও জিলা জালুকটি নিবাসী তথা লাহৰিজানৰ বাছবাৰীত এটা ভাড়া ঘৰৰ অচিলালৈ ৰহিম আলি (Rahim Ali) (৩১) নামৰ ব্যক্তিজনে ড্ৰাগছৰ ব্যৱসায় চলাই থকাৰ অভিযোগ লাভ কৰি খটখটী আৰক্ষীয়ে অভিযান চলায়।

অভিযানকালত ৰহিম আলিৰ বাসগৃহৰ পৰা আৰক্ষীয়ে ৭৭.৩৯ গ্রাম হেৰ’ইন উদ্ধাৰ (77.39 gm heroin recovered) কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ৰহিম আলিক আটক কৰি জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।













