লেখক সকললৈ উদগণি হিচাপে কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা এককালীন ভাবে ৫০ হাজাৰকৈ টকা আগবঢ়োৱা হ’বঃ তুলিৰাম ৰংহাঙ
ASSAM TIMES POST
ডিফুঃ শীতৰ স্নিগ্ধ পৰশৰ সৌৰভ বিলাই আজি ডিফুত আনুষ্ঠানিক ভাবে উন্মোচন কৰা হ’ল নবীন- প্ৰবীণ লেখকৰ ১১ খনকৈ গ্ৰন্থ ৷ জাম্বলি লিটাৰেৰী ফাউণ্ডেছন চমুকৈ জেএলএফৰ উদ্যোগত আৰু কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সহযোগ আৰু প্ৰযোজনাত আজি কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্মিত সচিবালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থকেইখন আনুষ্ঠানিক ভাবে শুভ উন্মোচন কৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

উক্ত অনুষ্ঠানত সাংসদ হৰেণছিং বে’ৰ লগতে পৰিষদৰ কেইবাগৰাকী ইএম, এমএচিৰ আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ গ্ৰন্থ কেইখন ক্ৰমে, বংলং তেৰাঙৰ ঐতিহাসিক উপন্যাসৰ ‘চাৰ হংথমৰ ‘অনুবাদিত ৰূপ , জেলএফৰ দ্বাৰা ৰচিত কাৰবি আৰু ইংৰাজী ভাষাৰ পুথি ‘দা হিলছ ৰাইম’, অন টেৰণৰ দ্বাৰা লিখিত কবিতা সংগ্ৰহ ‘ইনুট আংথুৰ কাচেপা এৰ আনিমচ’পি’, অন টেৰণৰ দ্বাৰা লিখিত কাৰবি চুটি গল্প সংগ্ৰহ ‘ছামফ্ৰিকা আহাৰচি কিৰিক’, ৱেলচিং হাঞ্চেৰ দ্বাৰা লিখিত কাৰবি চুটি গল্প ‘কেচক্ চে ক’মাট’, ‘কেজক আনিং বে’ আৰু ইংৰাজী চুটি গল্প ‘এন এনকাউণ্টাৰ এণ্ড আদাৰ শ্বৰ্ট ষ্টৰিজ’ , খৰছিং ইংতিৰ কবিতা সংগ্ৰহ. ‘হিৰজিৰ আচাৰে’, ‘নেৰং হেনল’ নেহিৰজিৰ, হিংচং টিচ’ৰ কবিতা সংগ্ৰহ লঙিং, বিৰেণ হাঞ্চেৰ কবিতা সংগ্ৰহ ‘নে কাহেমান আমেং’ ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে ডিফুত একেলগে ১১ খনকৈ গ্ৰন্থ উন্মোচন কৰাটো এক সৌভাগ্যৰ বিষয় ৷ স্থানীয় লেখক সকলক উদগণি দিবলৈ জিলাখনৰ লেখক সকলৰ গঠন মূলক গ্ৰন্থ ৰচনা ও লেখনিৰ বাবে কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা লেখক সকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্যৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে৷












