ASSAM TIMES POST
হত্যাৰ প্ৰতিশোধ ল’বলৈ চেষ্টা৷ মাৰ্কিন ড্ৰোনৰ আক্ৰমণত সামৰিক কমাণ্ডা কাছেম ছোলেমানিক হত্যাৰ প্ৰতিশোধ ল’বলৈ আক্ৰমণ সূচনা কৰি আছে ইৰাণে৷ মঙলবাৰে চলালে বেলেষ্টিক মিছাইল আক্ৰমণ৷ ইয়াৰ পাছ দিনা বাগদাদত ৰকেট আক্ৰমণ কৰে তেহৰাণে৷ বুধবাৰে বাগদাদৰ গ্ৰীণ জ’ন এলেকাত দুটা ৰকেট বিস্ফোৰণ হয়৷
বাগদাদৰ গ্ৰীণ জ’নত আছে মাৰ্কিন দূতাবাসৰ লগতে বহু দেশৰ দূতাবাস আৰু ব্যৱসায়ীক কেন্দ্ৰ৷ বুধবাৰে মাজনিশা এই গ্ৰীণ জ’নত এটাৰ পাছত আন এটাকৈ দুটা ৰকেট বিস্ফোৰণৰ শব্দ শুনিবলৈ পায় স্থানীয় লোকে৷ এই আক্ৰমণৰ পাছত নিৰাপত্তা বাহিনীয়ে চাইৰেন বজায়৷ উল্লেখ্য যে মঙলবাৰে ইৰাকত সেনাৰ ঘাটিত বেলেষ্টিক ক্ষেপণাস্ত্ৰ প্ৰয়োগ কৰিছিল ইৰাণে৷
এই ঘাটিত আমেৰিকাসহ বহু দেশৰ যৌথ সেনা আছে৷ ইৰাণৰ এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই বুলি দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে৷ কিন্তু বুধবাৰৰ আক্ৰমণৰ বিষয়ে কোনো মত প্ৰকাশ কৰা নাই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে৷











