ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
শুকুৰবাৰে ছবিগৃহত মুক্তিলাভ কৰিব দীপিকা পাডুকন প্ৰযোজিত প্ৰথমখন বহু চৰ্চিত ছবি ‘ছপাক’৷ মুক্তিৰ পূৰ্বেই ছবিখনে লাভ কৰিছে বহুল চৰ্চা৷ ছবিখন তথা দীপিকাক লৈ শেহতীয়াভাৱে সৃষ্টি হৈছে যথেষ্ট বিতৰ্কও৷ সেয়া যিয়ে নহওক, ‘ছপাক’ৰ কাহিনীৰ আঁৰৰ মূল বিষয় এচিড আক্ৰান্ত হৈ মৃত্যুখী যাত্ৰাৰ পৰা অদম্য সাহস আৰু মনোবলেৰে উভতি আহি এতিয়া এক স্বাভাৱিক জীৱন কটোৱা লক্ষ্মীৰ জীৱনৰ সেই শিহৰণকাৰী ঘটনাৰ বিষয়ে কিছু আলোকপাত কৰা চেষ্টা চলোৱা হৈছে ইয়াত৷

অনুভৱ হৈছিল সমগ্ৰ শৰীৰত যেন কোনোবাই জুই জ্বলাই দিছে৷ জ্বলি জ্বলিয়ে সংজ্ঞা হৈৰুৱাই পেলাইছিল এগৰাকী কিশোৰীয়ে৷ কিন্তু সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল কোনো ব্যক্তি৷ অৱশেষত আগবাঢ়ি আহে এগৰাকী সহৃদয় ব্যক্তি, তেওঁৰ গাত পানী ছটিয়াই লৈ যায় হাস্পতাললৈ৷ তেতিয়া তেওঁ সংজ্ঞা ঘূৰাই পোৱাৰ সমান্তৰালভাৱে পাইছিল সমগ্ৰ শৰীৰত অসহ্য যান্ত্ৰণা৷

হাস্পতালত প্ৰথমতে তেওঁৰ শৰীৰত ঢালি দিয়া হয় ২০ বাল্টি পানী৷ তেওঁৰ পিছত বেণ্ডেজেৰে ঢাকি পেলোৱা হয় সমগ্ৰ শৰীৰ৷ তেওঁৰ ৱাৰ্ডটোত কোনো আইনা ৰখা হোৱা নাছিল৷ প্ৰতিদিনে পুৱা এগৰাকী নাৰ্ছে এবাল্টি পানী লৈ আহে তেওঁৰ ড্ৰেছিঙৰ বাবে৷ কিশোৰাগৰাকীয়ে চাবলৈ চেষ্টা কৰে নিজৰ মুখমণ্ডল৷ কিন্তু বেণ্ডেজৰ বাহিৰে তেওঁ একোৱেই দেখা নাপায়৷

চিকিৎসকে কৈছিল, কিশোৰীগৰাকী নাবাচিব৷ পৰৱৰ্তী সময়ত সাত বছৰত সাতবাৰ অস্ত্ৰোপচাৰ৷ চিকিৎসাৰ বাবদ খৰচ ২০ লাখ টকা যোগাৰ কৰোঁতেই নিঃস্ব হৈ যায় পৰিয়ালটো৷ মধ্যবিত্ত পৰিয়ালৰ সেই কিশোৰীগৰাকীৰ তেতিয়া মনত অনুভৱ হয়, চিকিৎসকৰ কথাটো কিয় সত্য নহ’ল ! নিজেও চেষ্টা কৰিছিল আত্মহত্যা কৰিবলৈ৷ কিন্তু পিতৃ-মাতৃৰ কথা ভাবি কৰিব পৰা নাছিল৷

এতিয়া ভাব হয়, বাচি থাকি কোনো ভুল কৰা নাই৷ নহ’লে কোনে জানিলেহেঁতেন লক্ষ্মী আগৰৱালাৰ জুৱন-যুদ্ধৰ কথা ! কেনেদৰে সৃষ্টি হ’লহেঁতেন ‘ছপাক’৷ য’ত দীপিকা পাডুকনে মালতীৰ চৰিত্ৰত অভিনয় কৰি ক’ব লক্ষ্মীৰ জীয়া কাহিনী৷

সেই সংগ্ৰাম আৰম্ভ হৈছিল ২০০৫ৰ এপ্ৰিলত৷ সেই মাহটোৰে এটা দিনত লক্ষ্মীৰ মুখত ঢালি দিছিল এচিড৷ ‘ছপাক’ শব্দটোৰ সৈতে শৰীৰ সৈতে পুৰি ছাই হৈছিল জীৱনৰ সকলো স্বপ্ন !

পঞ্চদশী কিশোৰীগৰাকীৰ অপৰাধ আছিল প্ৰেম প্ৰত্যাখ্যান কৰাটো৷ বান্ধৱীৰ ৩২ বছৰ বয়সীয়া ককায়েক নঈমৰ বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল লক্ষ্মীয়ে৷ ‘না’ কোৱাৰ প্ৰতিশোধকল্পেই লক্ষ্মীৰ মুখত এচিড ঢালি দিছিল নঈমে৷ দিল্লীৰ খান মাৰ্কেটৰ মুকলি ৰাস্তাত, প্ৰকাশ্যে দিনৰ বিয়লি বেলাত৷

আত্মীয়-স্বজন তথা চিনাকি সকলোৱে কৈছিল, মুখক বাদ দি শৰীৰ অন্য অংশ পুৰিলে চিন্তা নাছিল৷ এই ছোৱালীজনীৰ বিয়া কেনেদৰে হ’ব ! অনেকে আকৌ বেজী দি মাৰি পেলোৱা ‘সদুপদেশ’ও দিছিল !

সকলো উপেক্ষা কৰি লক্ষ্মীৰ কাষত থাকি সাহস দিছিল তেওঁৰ পিতৃয়ে৷ যিয়ে এসময়ত নিজৰ জীয়াৰীক গায়িকা হোৱাৰ স্বপপ্ন লৈ আগবাঢ়ি যোৱাৰ উপদেশ দিছিল, তেৱেঁই জীৱনৰ শেষ সম্বল পৰ্যন্ত শেষ কৰি জীয়াৰীৰ চিকিৎসা কৰি গৈছিল৷

আইনাত প্ৰথমাবাৰ নিজৰ পোৰা মুখৰ প্ৰতিবিম্ব দেখি চিৎকাৰ কৰি উঠিছিল লক্ষ্মী৷ তাৰ পিছৰ পৰা নিজক ঢাকি ৰাখিবলৈ চেষ্টা কৰে চূৰ্ণীৰে৷ তথাপি ৰেহাই পোৱা নাছিল পৰিচিতসকলৰ কটুক্তিৰ পৰা৷ ভাব হৈছিল, এয়াই যেন তেওঁক প্ৰতিদিনে, প্ৰতি মুহূৰ্তই পুৰি মাৰিছে৷

এদিন ঠিক কৰিলে নিজক আৰু লুকুৱাই নাৰাখে৷ গুচাই দিলে মুখ ঢকা আৱৰণ৷ পোনপটীয়াকৈ মুখামুখী হ’ল বাহ্যিক জগতৰ৷ নেচনেল ইনষ্টিটিউট অব অ’পেন স্কুলিঙৰ পৰা ভোকেচনেল প্ৰশিক্ষণ ল’লে৷ জীৱনটো নতুনকৈ আৰম্ভ কৰিব বিচাৰিলে ছাইৰ পৰা উঠি অহা ফিনিক্স পক্ষীৰ দৰে৷ এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত হ’লে তেওঁৰ জীৱন যুদ্ধৰ কাহিনী৷

সমান্তৰালভাৱে লক্ষ্মীয়ে আৰম্ভ কৰিলে আইনী যুদ্ধও৷ আদালতৰ ৰায়ত ১০ বছৰ সশ্ৰম কাৰাদণ্ড হ’ল নঈমৰ৷

সেই তেতিয়াৰ লক্ষ্মী এতিয়া ঊনত্ৰিশ বছৰীয়া যুৱতী৷ সমাজত তেওঁৰ দৰে ‘লক্ষ্মী’ যাতে আৰু লুকাই থাকিবলগা নহয় তাৰবাবে চলাইছে তেওঁৰ আন্দোলন৷ এচিড আক্ৰমণ বন্ধ কৰিবলৈ, আক্ৰান্তক জীৱনৰ মূলসুঁতিলৈ ঘূৰাই আনিবলৈ লক্ষ্মী বদ্ধপৰিকৰ৷

আন্দোলনত চামিল হৈয়ে বাৰ্তালাপ হৈছিল সমাজকৰ্মী অলক দীক্ষিতৰ সৈতে৷ বাৰ্তালাপৰ পিছত প্ৰেম৷ কিন্তু তেওঁলোকে ঠিক কৰিছিল যে কেতিয়াও বিয়া নাপাতে৷ কাৰণ বিয়ালৈ নিমন্ত্ৰিত অতিথিসকলৰ মুখেৰে তেওঁ তেওঁৰ কুৎসিত চেহেৰাক লৈ কৰা কটাক্ষ বা কটুক্তি শুনিবলৈ নিবিচাৰে৷ সেয়েহে লিভ-ইন সম্পৰ্ক আছিল অলক-লক্ষ্মীৰ৷

এদিন ভাগি গ’ল সেই ঘৰো৷ জীয়াৰী পিহুৰ জন্মৰ পিছত পৃথক হৈ গ’ল দুয়োৰে জীৱনৰ পথ৷ এতিয়া পিহু হ’ল তেওঁৰ যুদ্ধৰ নতুন প্ৰেৰণা৷

সংগ্ৰামৰ স্বীকৃতিস্বৰূপে লক্ষ্মীয়ে প্ৰাক্তন আমেৰিকান ফাৰ্ষ্ট লেডী মিচ্চেল অ’বামাৰ পৰা লাভ কৰিছিল ‘ইণ্টাৰনেচনেল উইমেন অব কাৰেজ এৱাৰ্ড’৷ সেই সাহসক অৱলম্বন কৰিয়ে আগন্তুক দিনবোৰত আগবাঢ়ি যাব বিচাৰে লক্ষ্মীয়ে৷ একেলগে ডাঙৰ কৰিব বিচাৰে জীয়াৰী পিহুক৷
(ফটো সৌজন্য : আৰ্কাইভ আৰু ফেচবুক)













