ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে আছুকে ধৰি বিভিন্ন জাতীয় দল-সংগঠনৰ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। তাৰ মাজতে সদৌ অসম ছাত্ৰ সন্থা, শিল্পী-সমাজ তথা ৩০ জনগোষ্ঠীয় সংগঠনৰ অসমবাসীলৈ বিনম্ৰ আহ্বান- ‘প্ৰত্যেকে মেজিৰ জুইত দাহ কৰক অসমীয়া বিৰোধী, খিলঞ্জীয়া বিৰোধী, অগণতান্ত্ৰিক, সংবিধান বিৰোধী, সাম্প্ৰদায়িক সংশোধিত নাগৰিকত্ব আইন।লগতে প্ৰতিজন খিলঞ্জীয়াই সংকল্প লওক আইন বাতিল নোহোৱা পৰ্যন্ত অব্যাহত ৰাখিব সংগ্রাম।

এই সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, “প্ৰতিজন অসমীয়াই জাতীয় উৎসৱ ভোগালী বিহু পাতক। ভোগালীৰ মেজিৰ জুইত দাহ কৰক জাতিবিৰোধী নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি৷”

উল্লেখ্য যে ‘কা’বিৰোধী সংগ্ৰামৰ অংশ হিচাপে ১১ জানুৱাৰীত আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনে আইনখন বাতিলৰ দাবীত ৰাজ্যজুৰি ৰূপায়ণ কৰিব জোঁৰ সমদল।শুকুৰবাৰে গুৱাহাটীৰ ৰণশিঙা কাৰ্যসূচীত এই কথা ঘোষণা কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।













