ASSAM TIMES POST
নিউজ ডেস্ক
অসমত অব্যাহত আছে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ৷ বিভিন্ন জাতীয় দল-সংগঠন তথা সিল্পী সমাজে নিতৌ নতুন নতুন প্ৰতিবাদৰ পদ্ধতিৰে বিৰোধিতা কৰি আহিছে জাতিধ্বংসী আইনখনৰ৷ ইতিমধ্যে এই প্ৰতিবাদৰ ধ্বনি দেশৰ সীমা চেৰাই বিদেশলৈকে প্ৰতিধ্বনিত হৈছে৷
অসমত চলি থকা সংশোধিত নাগৰিকত্ব আইনবিৰোধী প্ৰতিবাদক লৈ এইবাৰ মন্তব্য কৰিছে বলীউডৰ বিখ্যাত সংগীত পৰিচালক তথা কণ্ঠশিল্পী বিশাল ডাডলানিয়ে৷ অৱশ্যে তথাকথিত বিজেপিৰ নেতাসকলৰ দৰে তেওঁ এই আন্দোলনৰ বিৰোধিতাৰে মন্তব্য প্ৰকাশ কৰা নাই নাইবা কটু সমালোচনা কৰা নাই৷ বৰং তেওঁৰ মুখত অসমৰ জনগণৰ সন্মিলিত আন্দোলনে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷

অসমবাসীৰ এই আন্দোলনক প্ৰশংসা কৰি বৃহস্পতিবাৰে নিজৰ টুইট একাউণ্টত শিল্পীগৰাকীয়ে ‘জয় আই অসম’ বুলি লিখি উল্লেখ কৰে অসমৰ কথা। তেওঁ নিজৰ টুইটাৰত লিখিছে, “অসমবাসীৰ কথা আমি শুনিছোঁ আৰু দেখিছোঁ। আমি আপোনালোকৰ সৈতে আছোঁ। আপোনালোকে আজি ভাৰতক নেতৃত্ব দিছে। কিন্তু সংবাদ মাধ্যমে ইয়াৰ মূল্য এতিয়াও অনুভৱ কৰা নাই। জয় আই অসম৷”
উল্লেখ্য যে এইবাৰ দৈজিং মহোৎসৱত অনুষ্ঠান পৰিবেশন কৰিবলৈ আহিও শিল্পীগৰাকীয়ে অসমবাসীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰি থকা আন্দোলনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰিছিল নিজৰ অনুষ্ঠানৰ মাজতে।













