ASSAM TIMES POST
নিউজ ডেস্ক
বয়স্ক ব্যক্তিৰ বাবে দুচিন্তাৰ কাৰণ হৈ পৰিছে৷ এক সমীক্ষা মতে মুম্বাই মহানগৰী বয়স্ক নাগৰিকৰ বাবে মুঠেই নিৰাপদ নহয়৷ নেচনেল ক্ৰা ব্যুৰোৰ তথ্য মতে ২০১৮ চনত মুম্বাইত বয়স্ক নাগৰিকৰ ওপৰত অপৰাধ বৃদ্ধি হয়৷
২০১৭ চনত মুম্বাইত অপৰাধৰ সংখ্যা আছিল ৫৪৩১টা৷ ২০১৮ চনত ইয়াৰ পৰামান বাঢ়ি ৬১৬৯টা হয়গৈ৷ সম্প্ৰতি মুম্বাইত দুজন জ্যেষ্ঠ নাগৰিকক হত্যা কৰাৰ পাছত এই তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে মেট্ৰপলিটান চহৰৰ ভিতৰত মুম্বাইত অপৰাধৰ পৰিমান শীৰ্ষত৷ ইয়াৰ পাছতে আছে দিল্লী৷
২০১৮ চনত সমগ্ৰ দেশতে বয়স্ক লোকৰ ওপৰত নৃশংসতাৰ পৰিমান বহু বৃদ্ধি পায়৷ তাৰ মাজ কেৱল মুম্বাইত ২৪.৭ শতাংশ নৃশংস ঘটনা সংঘটিত হয়৷ দিল্লীত ইয়াৰ পৰিমান ১৮.২ শতাংশ৷ আনহাতে দুৰ্নীতিৰ ক্ষেত্ৰত মুম্বাই শীৰ্ষত৷ ২০১৮ চনত সমগ্ৰ দেশত যিমান দুৰ্নীতিৰ অভিযোগ উত্থাপন হয় তাৰ মাজত মহাৰাষ্ট্ৰত হয়গৈ ২২ শতাংশ৷ ইয়াৰ পাছতে আছে ওড়িশ্যা৷ এইখন ৰাজ্যত দুৰ্নীতিৰ পৰিমান হয়গৈ ১১.৬ শতাংশ৷ তাৰ পাছতে ৮.৯ শতাংশৰে তৃতীয় স্থানত আছে কৰ্ণাটক৷
সবাতোকৈ ডাঙৰ তথ্য হ’ল ২০১৮ চনত মহাৰাষ্ট্ৰত ২১৪৯ গৰাকী মহিলা ধৰ্ষণৰ বলি হৈছে৷ তাৰ ভিতৰত ১৮-৩০ বছৰৰ ভিতৰৰ মহিলা বেচিকৈ ধৰ্ষণৰ বলি হৈছে৷ এই বয়সৰ বলি হোৱা মহিলাৰ সংখ্যাটো হ’ল ১৫২৪ গৰাকী৷ ৩০-৪৫ বছৰৰ ভিতৰত ৫৫২ গৰাকী ধৰ্ষণৰ বলি হয়৷ আনহাতে ৪৫-৬০ বছৰৰ ভিতৰত ৬২ গৰাকী ধৰ্ষণৰ বলি হয়৷ তদুপৰি ৬০ বছৰৰ ওপৰত ১১ গৰাকী মহিলা ধৰ্ষণৰ বলি হয়৷ মন কৰিব লগীয়া যে কলকাতাত অপৰাধৰ পৰিমাণ দেশৰ আন ঠাইতকৈ বহু কম৷











