ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলং : অসমীয়া সাহিত্য ইতিহাসৰ আৱাহন যুগৰ ‘ধুমুহাৰ কবি’ খ্যাত যজ্ঞোৰাম গগৈ সোঁৱৰণী শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বঁটা আগবঢ়োৱা হৈছে আধুনিক অসমীয়া কাব্য জগতৰ স্বনামধন্য বৈঠালাংছ’ৰ কবি চন্দ্ৰ কুমাৰ বড়া লৈ ‘তুমি ক’ৰ বতাহ’ শীৰ্ষক কাব্য সংকলনটিৰ বাবে ।
গুৱাহাটীৰ অভিজাত প্ৰকাশন প্ৰতিষ্ঠান ‘পাঞ্চজন্য’ই প্ৰকাশ কৰা গ্ৰন্থখনিৰ প্ৰথম প্ৰকাশ আছিল ২০১৮ । সম্প্ৰতি বাক্সা জিলাৰ তামুলপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত চন্দ্ৰ কুমাৰ বড়াৰ ২০১০ চনত প্ৰকাশ পাইছিল ‘মানুহ : একক আৰু অদ্বিতীয়’ শীৰ্ষক এখনি গদ্য সংকলন । সুদীৰ্ঘকাল বৈঠালাংছ’ৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত থকা কবিগৰাকী সংবাদ সেৱা আগবঢ়োৱাৰ লগতে বৈঠালাংছ’ প্ৰেছ ক্লাবৰ প্ৰতিস্থাপক সম্পাদক আছিল ।
তেওঁৰ এই বঁটা প্ৰাপ্তিৰ খবৰে ক্লাবৰ সাংবাদিকসকলৰ লগতে প্ৰকাশক ধীৰাজ কুমাৰ লহকৰ আৰু বৈঠালাংছ’বাসীয়ে স্বাভাৱিকতে উৎফুল্লিত হৈ কবিগৰাকীৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি অভিনন্দন জ্ঞাপন কৰিছে । কাৰ্বি আংলং জিলা কবি সন্মিলনে অবিভক্ত কাৰ্বি আংলং জিলা ভিত্তিত বিগত দহ বছৰৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে ।
ইয়াৰ উপৰিও সন্মিলনে জনজাতীয় ভাষাত কাব্য চৰ্চা কৰি ভাষা সাহিত্যলৈ বৰঙণি আগবঢ়োৱাৰ বাবে বৈঠালাংছ’ৰ সুসাহিত্যিক তথা ইতিমধ্যে সাহিত্য সভাৰ জয়ছিং হাঞ্চে বঁটা লাভ কৰা টংক কোঁৱৰলৈ ‘জংছন’খ্যাত বসন্ত দাস সোঁৱৰণী বঁটা আগবঢ়াইছে । আনহাতে, অনুবাদৰ শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বাবে হংক্ৰামৰ কবি অনুবাদক হাংমিজি হাঞ্চেলৈ মাণিক দেউৰী সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছে বুলি বিজ্ঞপ্তিখনত প্ৰকাশ । অহা মাৰ্চ মাহত ডিফুত অনুষ্ঠিত হ’বলগা কবি সন্মিলনৰ এক বিশেষ অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হব বুলি সম্পাদক ভৱপ্ৰসাদ দেউৰীয়ে জনায় ।
ইয়াৰ উপৰিও কাৰ্বি ভাষাৰ শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বাবে কবি ছাৰ এৎ হাঞ্চে, বড়ো ভাষাৰ বাবে কবি থানেশ্বৰ গয়াৰী , ডিমাছা ভাষাৰ বাবে কবি জ্যোতিৰাম ছৰংছা , তিৱা ভাষাৰ বাবে কবি প্ৰমোদ ছাগ্ৰা , নেপালী ভাষাৰ বাবে কবি ডম্বৰ দাহাললৈ বঁটা আগবঢ়োৱা হৈছে । কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ কবি শিতানত বকলীয়াঘাটৰ কবি লক্ষেশ্বৰ শৰ্মালৈ ‘কাব্য ছাম্ফ্ৰি’ বঁটা আৰু জনজাতীয় শ্ৰেষ্ঠ কবি শিতানত কবি অৰুণ টেৰণলৈ তুষামাই টেৰণপী সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছে বুলিও জানিবলৈ দিয়ে ।
কবি সন্মিলনৰ লগত সংগতি ৰাখি আয়োজন কৰা এলানি সাহিত্য প্ৰতিযোগিতাৰ ফলাফলো ঘোষণা কৰা হয় । অসমীয়া কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ দিবাকৰ ফুকন, দ্বিতীয় শ্ৰেষ্ঠ শৰৎ পাটৰ , তৃতীয় স্থানত যুগ্মভাৱে মঞ্জু টেৰণপী আৰু চন্দ্ৰ ছিং তেৰাং । মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ কবিতা প্ৰতিযোগিতাত প্ৰথম লাংহিনৰ ত্ৰিবেনী পোমা , দ্বিতীয় বোকাজানৰ মৃনাল দলৈ আৰু তৃতীয় স্থানত বকলীয়াঘাটৰ মমিতা পাটৰ । মুকলি কবিতা প্ৰতিযোগিতাত প্ৰথম খগেন ইংতি, দ্বিতীয় ৰশ্মি ৰীয়া গগৈ, তৃতীয় স্থানত যুগ্মভাৱে কামিনী বড়ো আৰু দিপালী আমফি । অহা মাৰ্চ মাহত অনুষ্ঠিত হ’ব লগা সন্মিলনত বঁটা লাভ কৰা সকলোৰে উপস্থিতিৰ লগতে কাব্যপ্ৰেমী ৰাইজৰ সহায় সহযোগিতাৰে উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে ।













