ASSAM TIMES POST
নিউজ ডেক্সঃ আসন্ন দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে শুকুৰবাৰে নিৰ্বাচনী সমিতিখন ঘোষণা কৰিছে৷ এই সমিতিত আছে ১৫ গৰাকী সদস্য৷ সমিতিত দিল্লী বিজেপি সভাপতি মনোজ তিৱাৰী, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড° অনিল জৈন, ৰাষ্ট্ৰীয় উপ সভাপতি দুষ্যন্ত গৌতম, ড° হৰিশ বৰ্দ্ধন, বিজয় গোৱেল, আৰ পি সিং আৰু সিদ্ধাৰ্থনাথৰ নাম অন্তভূক্ত হৈছে৷
ইয়াৰ লগতে ৰমেশ বিধুৰী, প্ৰভাশ ছাহিব হাঞ্চ, বিজেন্দ্ৰ গুপ্তা, সতীশ উপাধ্যায় আৰু পুনম পৰাশৰৰ নামো আছে৷ উল্লেখ্য যে অহা ৮ ফেব্ৰুৱাৰীত দিল্লী বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ৭০ খন আসনৰ দিল্লী বিধানসভাৰ কাৰ্যকাল ২২ ফেব্ৰুৱাৰীত অন্ত পৰিব৷











