
চাৰি হাজাৰতকৈও অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰী (Indian students)ক এতিয়ালৈকে অশান্তজৰ্জৰ বাংলাদেশৰ পৰা (From Bangladesh) নিজ দেশলৈ ঘূৰাই অনা হৈছে (Brought back to India) বুলি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (Ministry of External Affairs) অৱগত কৰিছে। কেৱল ভাৰতীয়ই নহয়, অশান্ত বাংলাদেশৰ পৰা ভাৰতলৈ আহিছে নেপাল, ভূটান, মালদ্বীপৰো শিক্ষাৰ্থী।

উল্লেখ্য, কোটা সংস্কাৰৰ দাবীত আৰম্ভ কৰা আন্দোলনক কেন্দ্ৰ কৰি অস্থিৰ হৈ আছে ভাৰতৰ চুবুৰীয়া দেশখন। বাংলাদেশৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথত নামি আন্দোলনত যোগদান কৰে। উক্ত আন্দোলনৰ তীব্ৰতা ক্ৰমান্বয়ে বৃদ্ধি পোৱাত শ্বেখ হাছিনাৰ চৰকাৰে আন্দোলন নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।
ঢাকাৰ ৰাজপথত আৰক্ষীৰ সৈতে সেনাবাহিনীক নমাই দিয়া হয়। সেনাৰ টেংকেও টহল দি আছে। এনে পৰিস্থিতিত দেশখনৰ বিভিন্ন বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা বিদেশী ছাত্ৰ-ছাত্ৰীসকল আতংকিত হৈ ঘৰলৈ উভতিবলৈ চেষ্টা কৰে। ইয়াৰে অধিকাংশই ভাৰতীয়। বিষয়টো লক্ষ্য কৰাৰ লগে লগে ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি দেশখনৰ ভাৰতীয় দূতাবাসে ছাত্ৰ-ছাত্ৰীৰ লগত যোগাযোগ কৰিবলৈ আৰম্ভ কৰে। পৰ্যায়ক্ৰমে তেওঁলোকক ভাৰতলৈ ঘূৰাই অনাৰ প্রক্রিয়াও আৰম্ভ কৰে৷












