ASSAM TIMES POST
নগাঁও : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে আজি সন্ধিয়া নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰT উদ্যোগত নগাঁও চহৰত এক জোঁৰ সমদল উলিওৱা হয়। কা বাতিলৰ দাবীত নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাই জোঁৰ সমদল উলিয়াই বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে।
প্ৰতিবাদকাৰী সকলে ” কা আমি নামানো”, “কা বাতিল বহই লাগিব”, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ”, “অমিত শ্বাহ মুৰ্দাবাদ”, “এই সংগ্ৰাম চলিছে চলিবই”,”ৰাইজ আজি জাগিছে জাগিবই”, “সৰ্বানন্দ সোনোৱাল গ’বেক”, “বিজেপি গ’ বেক” আদি বিভিন্ন ধ্বনি দি নগাঁৱৰ আকাশ- বতাহ মুখৰিত কৰি তোলে।
আঞ্চলিক ছাত্ৰ সন্থাই ৩০ টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত উলিওৱা এই জোঁৰ সমদলত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়া, নগাঁও উকিল সন্থাৰ সভাপতি আবুল হাচিম খণ্ডকাৰ, টাই আহোম ছাত্ৰ সন্থাৰ ৰিংকু বৰা, নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ গৌতম বৰাকে ধৰি বহু কেইজন বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে ।
ইপিনে আজি দক্ষিন পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ বেবেজীয়া অঞ্চলত স্থানীয় ৰাইজ আৰু সংগঠনৰ সহযোগত জোঁৰ সমদল উলিয়াই কা বাতিলৰ দাবী জনায়। তদুপৰি জিলা খনৰ কামপুৰ, ৰহা, পুৰণিগুদাম, চামগুৰি, কলিয়াবৰ, ধিং, আন্ত পাথৰি ছাত্ৰ সন্থাৰ উদ্যোগত সেই সেই অঞ্চলত জোঁৰ সমদল উলিওৱা হয়।













