
বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে পোনপটীয়াকৈ নাম নোলোৱাকৈ মন্তব্য কৰি বিতৰ্কত লিপ্ত হয়। এইবাৰ কংগ্ৰেছে ছচিয়েল মিডিয়াত অনুৰাগৰ বিতৰ্কিত মন্তব্যক সমৰ্থন কৰাৰ অভিযোগত সংসদৰ বিশেষাধিকাৰ ভংগৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Narendra Modi) বিৰুদ্ধে জাননী জাৰি কৰে।

পঞ্জাবৰ জলন্ধৰৰ কংগ্ৰেছ সাংসদ তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে বুধবাৰে লোকসভা সচিবালয়ৰ মুৰব্বীৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী দাখিল কৰে। চান্নীয়ে জাননীখনত লিখিছে, “মঙলবাৰে অধ্যক্ষৰ নিৰ্দেশমৰ্মে সাংসদ অনুৰাগ ঠাকুৰৰ ভাষণৰ কিছু অংশ বৈঠকৰ কাৰ্যবিৱৰণীৰ পৰা বাদ দিয়া হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে অনুৰাগৰ সম্পাদনা নকৰা ভাষণৰ সমগ্ৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰে।
চান্নীয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীৰ এই পোষ্টটোত স্পষ্টভাৱে বিশেষাধিকাৰ ভংগ কৰা হৈছে। উল্লেখ্য যে মঙলবাৰে বিজেপিৰ সাংসদ অনুৰাগে ৰাহুলৰ নাম নোলোৱাকৈ জাতি গণনাৰ দাবীৰ কথা উল্লেখ কৰি কয়, “যিসকলৰ জাতি শুদ্ধ নহয়, তেওঁলোকে গণনাৰ কথা কয়।”
অনুৰাগৰ এই মন্তব্যক লৈ সমগ্ৰ বিৰোধী শিবিৰে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে ৰাহুল গান্ধীয়ে কয়, “যিয়ে এই দেশৰ বঞ্চিত, দুখীয়াৰ বাবে মুখ খোলে, তেওঁলোকেই গালি-গালাজ শুনিবলগা হয়। মোক যিমানেই অপমান নকৰক, মই ক্ষমা খুজিবলৈ নকওঁ। কিন্তু মই এই সংসদত জাতি গণনা গৃহীত কৰিমেই।”











