ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটৰ এখন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ৰিলায়েন্স কনিষ্ঠ মহাবিদ্যালয়ৰ ‘ৰিলায়েন্স ফেষ্ট’ শীৰ্ষক বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠান শনিবাৰে সম্পন্ন হৈ যায়৷ ক্ৰীড়া সপ্তাহৰ লগত সংগতি ৰাখি ক্ৰিকেট, বেডমিণ্টন, কেৰম, দবা, ৰংগোলী, ৰন্ধন প্ৰকৰণ আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে তৰ্ক, কুইজ, ঠাইতে লিখা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।
ইয়াৰ উপৰিও ‘মিষ্টাৰ আৰু মিছ ৰিলায়েন্স’ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় য’ত অৰ্ণৱ দাসে ‘মিষ্টাৰ ৰিলায়েন্স’ আৰু অশ্লেষা বৰুৱাই ‘মিছ ৰিলায়েন্স’ খিতাপ দখল কৰিবলৈ সক্ষম হয়। কালি বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়।
ৰিলায়েন্স কনিষ্ঠ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰৱক্তা অমিত নাগৰীয়ে আঁত ধৰা বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে ৰেক্টৰ ড° তোলেন্দ্ৰনাথ হাজৰিকাই। উদ্দেশ্যে ব্যাখ্যা কৰে অধ্যক্ষ হেমন্ত কুমাৰ বৰাই। অধ্যাপক দেৱজিৎ দত্ত, টংকেশ্বৰ পাঠক প্ৰমুখ্য কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাত বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়।
সৰ্বশ্ৰেষ্ঠ অনুশাসনৰ বঁটা দ্বাদশ শ্ৰেণীৰ বাণিজ্য শাখাই লাভ কৰে। বিজয়ীসকলক একোখনকৈ মানপত্ৰ আৰু স্মাৰক চিহ্ন প্ৰদান কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানৰ অন্তত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপাধ্যক্ষ লক্ষ্যজিৎ দুৱৰা, প্ৰবক্তা আশা তামূলী, শ্ৰীমা খাউণ্ড, জুপিতৰা তামূলী, এচ এন ডেকাৰ লগতে কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।













