ASSAM TIMES POST
আছিফ আলি,শিৱসাগৰ : হেপাহৰ ভোগালী বিহুৰ বাবে মাজত মাথো কেইটামান দিন। সমগ্ৰ ৰাজ্যৰ লগতে ভোগালীক আদৰিবলৈ ব্যাপত প্ৰস্তুতি চলাইছে শিৱসাগৰবাসীয়ে। শিৱসাগৰৰ ঐতিহাসিক কাথপাৰা গাঁৱত এতিয়া ঢেঁকীৰ শব্দত গুমগুমাই আছে চৌদিশ।

গাঁৱৰসকলো জীয়াৰী বোৱাৰী এতিয়া ব্যস্ত পিঠা খুন্দত, লাডু বনোৱাত। আনহাতে বৃহত্তৰ কাথপাৰা ৰাইজ আৰু স্থানীয় চাৰাইজ ক্লাৱৰ উদ্যোগত ঐতিহাসিক কাথপাৰ চানৰাইজ খেলপথাৰত পালন কৰা হব মেজী জলোৱা পৰম্পৰা। গাৱৰ ডেকা সকল ব্যস্ত প্ৰায় চল্লিশ ফুট উচ্চতাৰ মেজি আৰু ভলাঘৰ বনোৱাত। আনহাতে হাহঁচৰাৰ চাংমাই গাঁৱতও ভোগালীক আদৰিবলৈ চলোৱা হৈছে ব্যাপক প্ৰস্তুতি। চাংমাই গাঁৱৰ ডেকাসকলে ঐতিহাসিক ৰাইলুং চাংমাইগাঁৱৰ পথাৰত সাজি উলিওৱা হৈছে ৫১ টা মেজি। উৰুকাৰ দিনা গাঁৱৰ ৰাইজে একেলগে ভোজভাত খোৱাৰ লগতে পিছদিনা মেজীৰ জলোৱা পৰম্পৰাৰ লগতে আয়োজন কৰা হৈছে নান খেলধেমালীৰ।













