ASSAM TIMES POST
আঘোণৰ পথাৰৰ সোণগুটি আনি ভঁৰাল সুমুৱাই, ন ধানে, হাঁহে মাহে এসাঁজ খোৱাৰ সময় সমাগত
আছিফ আলি: প্রতিজন অসমীয়াৰ আশা মেজিৰ পবিত্ৰ জুইত জাহ যাওঁক সমাজৰ আসুৰিক শক্তি, ভেদাভেদ তথা অপশক্তি।ভোগালীক আদৰিবলৈ ব্যাপত প্ৰস্তুতি শিৱসাগৰৰ কাথপাৰা যুৱ সমাজৰ।চিতল মাছৰ কলঠি ৰে গাৱৰ প্রতিজন গঞাক উৰুকাৰ ৰাতি তৃপ্তিৰে এসাঁজ খুৱাই আহিছে বছৰ বছৰ ধৰি শিৱসাগৰত গাঁৱে গাঁৱে এতিয়া ঢেঁকীৰ চুবুক চুবুক শব্দই কঁপিছে প্ৰতিটো চুবুৰী । গাঁৱৰসকলো জীয়াৰী বোৱাৰী ব্যস্ত এতিয়া ঢেঁকী শালত,
ব্যস্ত পিঠা , লাড়ু , বনোৱাত।

শিৱসাগৰৰ বৃহত্তৰ কাথপাৰা ৰাইজ আৰু স্থানীয় চাৰাইজ ক্লাৱ ৰ উদ্যোগত ঐতিহাসিক কাথপাৰ চানৰাইজ খেলপথাৰত সাজু কৰা হৈছে মেজী জ্বলোৱা পৰম্পৰা। ঐতিহাসিক ৰংঘৰৰ আর্হিৰে নির্মাণ কৰা হৈছে এক দৃষ্টি নন্দন ভাস্কৰ্য। লগতে দেখা পোৱা যাব ম’হ যুঁজৰ দৃশ্য। গাৱৰ ডেকা সকল ব্যস্ত প্ৰায় চল্লিশ ফুট উচ্চতাৰ মেজি আৰু ভেলাঘৰ নির্মাণত।
উল্লেখ যে, শিৱসাগৰৰ কাথপাৰা যুৱ সমাজে বহু বছৰ ধৰি গাৱৰ ৰাজহুৱা পুখুৰীত মসৎ পালন কৰি আহিছে । প্রতি বছৰে মাঘ বিহুৰ উৰুকাৰ এদিন আগত উক্ত পুখুৰীত গঞাঁ ৰাইজে লগেভাগে মাছ মাৰে। বজাৰত উপলব্ধ থলুৱা ( লোকেল) মাছ চিতল, বাহু, বৰালী ইত্যাদি চ’ৰা দামৰ পৰিৱর্তে একেবাৰে কম মূল্যতে কাথপাৰা ৰাইজক দি আহিছে আৰু গাৱৰ দৰিদ্র সীমাৰেখাৰ তলত বাস কৰা লোকসকলক ঘৰে প্রতি একোটাকৈ ডাঙৰ মাছ মাঘ বিহু উপলক্ষে বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে ।
কাইলৈ উৰুকাৰ দিনা গাঁৱৰ ৰাইজে লগেভাগে ভোজভাত খোৱাৰ লগতে পিছদিনা মেজীৰ জ্বলোৱা পৰম্পৰাৰ লগতে আয়োজন কৰিছে নানান থলুৱা খেলধেমালীৰ।













