ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলং : পশ্চিম কাৰ্বিআংলঙটো ভোগালীৰ আনন্দৰ মাজতে “কা” বিৰোধী প্ৰতিবাদ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে পশ্চিম কাৰ্বিআংলঙ জিলাটো আজি উলহ মালহেৰে উদযাপন কৰা হৈছে ভোগৰ উৎসৱ ভোগালী বিহু । জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে বৈঠালাংছ’ৰ মাইচাম মাজগাঁৱৰ ডেকা সকলে মাজগাৱঁত নৈকাৰ আকৃতিৰে সাজি উলিওৱা ভেলাঘৰত উৰুকাৰ নিশাটো কটাই আজি মকৰ সংক্ৰান্তিৰ দিনা পুৱাই সকলো ওলাই আহিল মেজিৰ তললৈ।
ডেকা, বুঢ়া সকলোৱে মিলি ল’লে মেজিৰ উত্তাপ ৷ মেজিৰ জুইয়ে সকলোৰে মনৰ কলুষতা, অশান্তি দূৰ কৰাৰ বাবে জনালে কামনা ৷ ডেকা বুঢ়া সকলোয়ে মিলি বিহু গীতৰ তালে তালে নাচি-বাগী ভোগালীক আদৰণী জনায় ।লগতে বিহুৰ আনন্দ উল্লাসৰ মাজতে “কা” বিৰোধী শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।













