
ধৰ্ষণৰ ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপি অভিযোগ দাখিল কৰিছিল ভুক্তভোগীয়ে। কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ঘটনাৰ ১৫ দিনৰ পাছতো ধৰা নপৰিল অভিযুক্ত। ইয়াৰ প্ৰতিবাদত তেওঁ চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

ৰাজহুৱাভাৱে তেওঁ নিজৰ লজ্জা ত্যাগ কৰি মুকলি ৰাস্তাত থিয় হৈ বিবস্ত্ৰ হয়। সম্পূৰ্ণ উলংগ হৈ ন্যায় বিচাৰে। চিঞৰি চিঞৰি আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ উত্তৰ দাবী কৰে। দেওবাৰে উত্তৰ প্ৰদেশৰ আগ্ৰাত (Agra) সংঘটিত ঘটনাৰ তিনিদিন পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক।
২০ বছৰীয়া যুৱতীগৰাকী লক্ষ্ণৌৰ বাসিন্দা। ১১ আগষ্টত তেওঁ আৰক্ষীৰ ওচৰত ধৰ্ষণৰ অভিযোগ দাখিল কৰে। আৰক্ষীক জনোৱা মতে, যোৱা ১০ আগষ্টৰ সন্ধিয়া অভিযুক্তই এখন চলন্ত গাড়ীৰ ভিতৰতে তেওঁক ধৰ্ষণ কৰিছিল। ধৰ্ষণকাৰী আই আই টি জম্মুৰ স্নাতকোত্তৰৰ ছাত্ৰ। বয়স ২২ বছৰ। জম্মুলৈ যোৱাৰ পূৰ্বে তেওঁ আগ্ৰাত বাস কৰিছিল। তাৰ পৰায়ে তেওঁ স্নাতক ডিগ্ৰী লয়। কিন্তু আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত তেওঁক জনায় যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত অভিযুক্ত জম্মুত থকা বুলি জনায়।
ইয়াৰ পিছত এই কথাত বিস্মিত হৈ যুৱতীগৰাকীয়ে বহুবাৰ থানালৈ গৈ দায়িত্বত থকা বিষয়াজনক লগ কৰি তেওঁৰ অভিযোগ জনায়। কিন্তু তাৰ পৰা একো লাভ নহ’ল। ইফালে বিগত ২০ দিন ধৰি সমগ্ৰ দেশতে ধৰ্ষণবিৰোধী প্ৰতিবাদৰ ধুমুহা সৃষ্টি হোৱাত যুৱতীগৰাকীয়ে বাৰে বাৰে থানাত উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। কিন্তু একো ফল নধৰাত শেষত তেওঁ হতাশাত ৰাজহুৱাভাৱে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লয়।
দেওবাৰে বিয়লি আগ্ৰাৰ এটা ব্যস্ত পথত হঠাতে কাপোৰ খুলি আৰক্ষীবিৰোধী শ্লোগান দিবলৈ আৰম্ভ কৰে যুৱতীগৰাকীয়ে। প্ৰত্যক্ষদৰ্শীৰ এগৰাকীয়ে কয় যে যুৱতীগৰাকীক সেই অৱস্থাত দেখি লগে লগে দুগৰাকী মহিলা সহায়ৰ বাবে আগবাঢ়ি আহে। কাপোৰ পিন্ধাই যুৱতীগৰাকীৰ লজ্জা নিবাৰণ কৰি ওচৰৰ ক্লিনিকলৈ লৈ যায় আৰু আৰক্ষীকো খবৰ দিয়া হয়। ইয়াৰ পিছতে আৰক্ষীক সতৰ্ক কৰি দিয়া হয়। প্ৰথমে যুৱতীগৰাকীক লৈ যোৱা হয় মনোৰোগ চিকিৎসালয়লৈ।
চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, যুৱতীগৰাকীক তিনিদিন ধৰি পৰ্যবেক্ষণত ৰাখে যদিও অস্বাভাৱিক একো দেখা নাপালে। মঙলবাৰে যুৱতীগৰাকীৰ পৰিয়ালক ফোন কৰি তেওঁলোকৰ হাতত গতাই দিয়ে। মঙলবাৰেই আই আই টিৰ অভিযুক্ত ছাত্ৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।












