ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত : অসমীয়াৰ বাপতি সাহোন ভোগালীৰ উৰুকাৰ নিশাই উদং হ’ল বোকাখাত আৰু নগাঁও জিলাৰ কুঠৰীৰ দুটিকৈ পৰিয়ালৰ বুকু। ভোগালীৰ উৰুকাৰ নিশাই বোকাখাতৰ কান্ধুলিমাৰীত সংঘটিত এক শোকবহ পথ দুৰ্ঘটনাত থিতাতে নিহত হ’ল দুজনকৈ যুৱক।
জানিবলৈ পোৱা মতে বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত আহোম গাঁৱৰ ৰাজকিশোৰ গোস্বামীৰ পুত্ৰ ৰোহিত গোস্বামী আৰু নগাঁও জিলাৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত কুঠৰীৰ বোপাই গড়ৰ পুত্ৰ ভাইটি গড়ে পঞ্জীয়নৰ বাবে আবেদন কৰি থোৱা এখন স্কুটিৰে আহি বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত কান্ধুলিমাৰীৰ গড়কাপ্তানি পথত থকা এখন দলঙত জোৰেৰে খুন্দা মৰাৰ ফলত শোকাবহ দুৰ্ঘটনাটোত পতিত হয় আৰু খুন্দাৰ ফলত দলঙৰ তলত থকা পানীত পৰি গৈ দুয়ো যুৱকৰ থিতাতে মৃত্যু ঘটে।
নিশাৰ ভাগত পথটিত দুৰ্ঘটনাৰ সময়ত আন কোনো প্ৰত্যক্ষদৰ্শী উপস্থিত নথকাত খুন্দা মৰাৰ সঠিক কাৰণ আৰু দুৰ্ঘটনাৰ সঠিক সময় জানিব পৰা নগ’ল। পিছত স্থানীয় লোকে খবৰ দিয়াত বোকাখাত যান বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাৰ তদন্ত কৰে আৰু মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰায়।













