
সোমবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court) ৰাজ্যসমূহৰ বুলড’জাৰ নীতি (Bulldozer Policy)ক লৈ প্ৰশ্ন উত্থাপন কৰে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰলৈ প্ৰশ্ন, “অপৰাধমূলক গোচৰত অভিযুক্ত বা দোষী সাব্যস্ত হ’লেও তেওঁৰ ঘৰ কিয় বুলড’জাৰেৰে ভাঙি দিব লাগে?” লগতে আদালতে কয় যে ঘৰ ভাঙিবলৈ সুনিৰ্দিষ্ট নিয়ম থকা উচিত।
এক অপৰাধৰ গোচৰত অভিযুক্তৰ ঘৰ বুলড’জাৰেৰে ভাঙি দিয়াৰ সিদ্ধান্তক প্ৰত্যাহ্বান (Challenged decision to demolish house with bulldozers) জনাই উচ্চতম ন্যায়ালয়ত এক গোচৰ ৰুজু কৰা হয়। সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ বি আৰ গভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে। কেন্দ্ৰৰ হৈ আদালতত উপস্থিত থাকে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা। দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে তেওঁক প্ৰশ্ন কৰে, “এজন ব্যক্তি অভিযুক্ত হ’লেই তেওঁৰ ঘৰ ভাঙি পেলাব নেকি? দোষী সাব্যস্ত হ’লেও ঘৰ ভাঙি পেলাব নোৱাৰি।” ইয়াৰ পাছতে দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো এই বিষয়ত প্ৰশাসনৰ মনোভাবৰ কোনো পৰিৱৰ্তন হোৱা নাই।

ইয়াৰ উত্তৰত ছলিচিটৰ জেনেৰেলে কয়, “এনে ব্যৱস্থা (বুলড’জাৰৰ জৰিয়তে ঘৰ ভাঙি পেলোৱা) তেতিয়াহে লোৱা হয়, যেতিয়া কোনো ঘৰ বা আন্তঃগাঁথনি অবৈধভাৱে নিৰ্মাণ কৰা হৈছে বুলি প্ৰমাণ পোৱা যায়।” ইয়াৰ পিছত ন্যায়াধীশ গভায়ে ছলিচিটৰ জেনেৰেলক কয়, “যদি আপুনি এই নিয়ম গ্ৰহণ কৰে তেন্তে আমি ইয়াৰ ভিত্তিত নিয়ম বনাম।” আনহাতে, ন্যায়াধীশ বিশ্বনাথনে প্ৰশ্ন উত্থাপন কৰে যে বুলড’জাৰেৰে ঘৰ ভাঙি পেলোৱাটো ৰোধ কৰিবলৈ কিয় নিৰ্দেশিকা জাৰি কৰা নহ’ব। তেওঁ ছলিচিটৰ জেনেৰেলক কয়, “প্ৰথমে জাননী দিয়ক, তাৰ পিছত উত্তৰ দিবলৈ সময় দিয়ক, আইনী ব্যৱস্থা ল’বলৈ সময় দিয়ক। তাৰ পিছত ভাঙি দিয়ক।”
সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় যে এই কথা অবৈধ নিৰ্মাণকাৰ্যক বচাবলৈ কোৱা নাই। কিন্তু এই ক্ষেত্ৰত এটা নিয়মবিধি থাকিব লাগে বুলি কয় ন্যায়াধীশ দুগৰাকীৰ অধিবক্তাই। আবেদনকাৰীৰ অধিবক্তা দুষ্মন্ত ডাভেয়ে উচ্চতম ন্যায়ালয়ক বুলড’জাৰ নীতি বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিবলৈ অনুৰোধ জনায়। সোমবাৰে অৱশ্যে উচ্চতম ন্যায়ালয়ে এনে কোনো নিৰ্দেশ দিয়া নাই। এই গোচৰৰ পৰৱৰ্তী শুনানি মঙলবাৰে হ’ব। সেইদিনা উচ্চতম ন্যায়ালয়ে সকলো পক্ষকে বিষয়টোৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিবলৈ অনুৰোধ জনায়।
উল্লেখ্য যে দেশৰ বিৰোধী দলসমূহে অভিযোগ উত্থাপন কৰি আহিছে যে বিজেপি আৰু ইয়াৰ মিত্ৰশক্তিৰ নেতৃত্বত ৰাজ্য চৰকাৰসমূহে নিয়ম-নীতি পালন নকৰাকৈ অভিযুক্তৰ ঘৰ বুলড’জাৰেৰে ভাঙি দিছে। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ প্ৰশাসনৰ এনে কামৰ বাবে একাংশই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক ‘বুলড’জাৰৰ পিতৃ’ বুলি অভিহিত কৰিছে। বিৰোধী দলসমূহে অৱশ্যে অভিযোগ উত্থাপন কৰে যে ঘৰবোৰক নিৰ্বাচিতভাৱে লক্ষ্য কৰি লোৱা হৈছে, যাৰ বাসিন্দাসকল ৰাজনৈতিকভাৱে বিজেপিৰ প্ৰতি আনুগত্যশীল নহয়। ইয়াৰ বাহিৰেও বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে যে বিচাৰাধীন গোচৰত কাৰোবাক শাস্তি দিয়াৰ ক্ষমতা ৰাজ্য চৰকাৰৰ আছে নেকি?










