
ব্ৰুনেই আৰু ছিংগাপুৰ ভ্ৰমণৰ অন্তত বৃহস্পতিবাৰে দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Modi Visit Singapore) । তাৰ পূৰ্বে তেওঁ ছিংগাপুৰত দেশখনৰ নতুন প্ৰধানমন্ত্ৰী লৰেন্স ৱাং আৰু ভাৰতীয় মূলৰ ৰাষ্ট্ৰপতি থাৰমান শনমুগাৰত্নমৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকত মন্ত্ৰী লি ছিয়েন লুং, গহ চক টং আৰু দেশৰ উদ্যোগ আৰু বাণিজ্যিক নেতাসকলো উপস্থিত থাকে।

বৈঠকত মোডীয়ে কয়, “অদূৰ ভৱিষ্যতে ভাৰত আৰু ছিংগাপুৰ দুয়োখনেই আঞ্চলিক শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰিব। প্ৰতিখন উন্নয়নশীল দেশৰ বাবে ছিংগাপুৰ এক প্ৰেৰণা। আমি ভাৰতত বহু ‘ছিংগাপুৰ’ সৃষ্টি কৰিব বিচাৰো।” বৃহস্পতিবাৰে অৰ্ধপৰিবাহী নিৰ্মাণৰ লগতে ডিজিটেল অৰ্থনীতিৰ অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰা হয়।
ছিংগাপুৰৰ ৰাষ্ট্ৰপতি আৰু উদ্যোগ আৰু বাণিজ্যিক নেতাসকলৰ সৈতে বৈঠকৰ অন্তত অৰ্ধপৰিবাহী, ডিজিটেল প্ৰযুক্তি, স্বাস্থ্য আৰু শিক্ষা আৰু দক্ষতা বিকাশৰ ওপৰত চাৰিখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। উল্লেখ্য যে বিগত ১০ বছৰত দুয়োখন দেশৰ বিনিয়োগ প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। ডিজিটেলৰ জৰিয়তে দ্ৰুত বিত্তীয় লেনদেন ব্যৱস্থা আৰম্ভ কৰা হৈছে।









