
মুম্বাইত বিগত ২৪ ঘণ্টাত হোৱা ধাৰাসাৰ বৰষুণে (Mumbai Rain) মুম্বাই চহৰৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলৰ বৃহৎ অংশ ডুবাই পেলাইছে। ফলত ৰে’ল আৰু বিমান সেৱাত বাধাৰ সৃষ্টি হয়। বুধবাৰে দুপৰীয়াৰ পৰা আৰম্ভ হোৱা বৰষুণ বৃহস্পতিবাৰৰ পুৱালৈ অলপ কমিছে যদিও কিছুদিনলৈ এই দুৰ্যোগ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে অৱগত কৰিছে।

আনহাতে, আন্ধেৰীত পানীত বুৰ যোৱা পথৰ মুকলি মেনহ’লত পৰি মৃত্যু হয় এগৰাকী মহিলাৰ। তথ্য অনুসৰি, মুম্বাইত মাত্ৰ পাঁচ ঘণ্টাতে ১০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হয়। এই কম সময়ৰ ভিতৰতে হোৱা ইমান পৰিমাণৰ বৰষুণৰ বাবে ব্যৱসায়িক চহৰখনৰ প্ৰায়বোৰ ৰাজপথতে পানী জমা হয়।
ফলত বুধবাৰৰ সন্ধিয়াৰ পৰা মহানগৰীৰ বিভিন্ন প্ৰান্তত যান-জঁটৰ সৃষ্টি হয়। মুম্বাই বিমানবন্দৰতো জমা হৈছে পানী। এই পৰিস্থিতিৰ বাবে এই পৰ্যন্ত ১৪খন বিমান মুম্বাইত অৱতৰণ কৰা নাই। স্পাইচজেট, ইণ্ডিগ’, ভিষ্টাৰাৰ দৰে বিমান সংস্থাই যাত্ৰীসকলক তেওঁলোকৰ বিমানৰ সময়সূচীৰ ওপৰত চকু ৰাখিবলৈ অনুৰোধ জনাইছে।
মুম্বাইবাসীৰ দৈনন্দিন জীৱনত স্থানীয় ৰে’লৰ ভূমিকা অপৰিসীম। কিন্তু ৰে’ল লাইনত পানীৰ বাবে ৰে’ল সেৱাও ব্যাহত হৈ পৰে। কেন্দ্ৰীয় ৰে’লৱেৰ নিয়ন্ত্ৰণত থকা স্থানীয় ৰে’লবোৰ অতি পলমকৈ চলি আছে। বাতিল কৰা হৈছে কেইবাখনো ৰে’ল। কিন্তু পশ্চিম ৰে’লৱেই জনাইছে যে এই পৰ্যন্ত ৰে’ল সেৱা ব্যাহত হোৱা নাই।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, দক্ষিণ চত্তীশগড় আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ ওপৰত এক ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। মূলতঃ তাৰ বাবেই আগন্তুক কেইদিনমানৰ বাবে কংকন উপকূল আৰু গোৱাত বৰষুণ অব্যাহত থাকিব। ইফালে বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাসৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে মুম্বাইৰ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰি দিয়া হৈছে।









