
সেনাবাহিনীক শক্তিশালী কৰাৰ বাবে এইবাৰ আৰম্ভ হৈছে আত্মঘাতী ড্ৰোন আৰু ৰকেট (Drones and rockets) ব্যৱহাৰৰ প্ৰস্তুতি। শুকুৰবাৰে এক বিবৃতিত ভাৰতীয় সেনা (Indian Army)ৰ আৰ্টিলাৰী মুৰব্বী লেফটেনেণ্ট জেনেৰেল আদোশ কুমাৰে এই কথা জানিবলৈ দিয়ে।
সেনাৰ সূত্ৰ অনুসৰি, পিনাকা ৰকেটৰ ৰেঞ্জ বৃদ্ধিৰ কামো আৰম্ভ হৈছে। পিনাকা মাৰ্ক-১ৰ সৰ্বোচ্চ ৰেঞ্জ ৪০ কিলোমিটাৰ, পিনাকা মাৰ্ক-২ৰ সৰ্বোচ্চ ৰেঞ্জ ৯০ কিলোমিটাৰ। কিন্তু এইবাৰ এই ৰকেটৰ ৰেঞ্জ ৩০০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে। লেফটেনেণ্ট জেনেৰেলে কয় যে দীৰ্ঘ দূৰত্বৰ নিৰ্ভয় আৰু প্ৰলয় ক্ষেপণাস্ত্ৰ প্ৰৱেশৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।

নিৰ্ভয় মিছাইলৰ ৰেঞ্জ ২০০০ কিলোমিটাৰ আৰু প্ৰলয় মিছাইলৰ ৰেঞ্জ ৪০০ কিলোমিটাৰ। প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে নিৰ্ভয় আৰু প্ৰলয়ক নিযুক্ত কৰাৰ বাবে অনুমোদন জনাইছে। ইয়াৰ উপৰি ডি আৰ ডি অ’ই ছুপাৰছ’নিক মিছাইলৰ কামো আৰম্ভ কৰিছে।
ডি আৰ ডি অ’ই জুলাই মাহত ৫০০ কিলোমিটাৰ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰিছে। শত্ৰুৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ ৰোধ কৰাত এই নতুন বেলিষ্টিক মিছাইল ফলপ্ৰসূ হ’ব। ইতিমধ্যে ভাৰতীয় সেনাৰ নতুন ষ্ট্ৰেটেজিক ফ’ৰ্চ কমাণ্ডৰ তত্বাৱধানত ক্ষেপণাস্ত্ৰৰ ব্যৱহাৰিক কৌশল আৰু টাৰ্গেটিং ক্ষমতাৰ প্ৰাৰম্ভিক পৰীক্ষা সম্পন্ন হৈছে।











