
মহাৰাষ্ট্ৰ এনচিপি নেতা (Maharashtra NCP leader) তথা প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ হত্যাকাণ্ড (Baba Siddiqui’s murder)ৰ সৈতে জড়িত আন এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ (Another accused arrested) কৰে। এতিয়ালৈকে এই ঘটনাত গ্ৰেপ্তাৰৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পালে। অৱশ্যে তদন্তকাৰীয়ে এতিয়াও ধৰিব পৰা নাই মূল গুলীচালনাকাৰীক। আন দুজন অভিযুক্তৰ সন্ধানত অভিযান চলি আছে।
মুম্বাই আৰক্ষীয়ে বুধবাৰে হাৰিয়ানাৰ এজন ২৯ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে। তেওঁৰ নাম অমিত হিছামসিং কুমাৰ। তদন্তকাৰীৰ মতে, ছিদ্দিকী হত্যাৰ ষড়যন্ত্ৰৰ সৈতে তেওঁৰ সম্পৰ্ক আছে। তেওঁলোকৰ সন্দেহযুক্ত লোকৰ তালিকাতো আছিল যুৱকজনৰ নাম। বুধবাৰে হাৰিয়ানাৰ নিজ স্থানীয় অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক। জেৰা চলি আছে।

ইয়াৰ পূৰ্বে ছিদ্দিকী হত্যাকাণ্ডৰ দশম অভিযুক্তক দেওবাৰে নৱী মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। ভাগৱত সিং ওম সিং ৰাজস্থানৰ উদয়পুৰৰ বাসিন্দা। অভিযোগ কৰা হৈছে যে তেওঁ হত্যাকাৰীক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল।
উল্লেখ্য যে যোৱা ১২ অক্টোবৰত মুম্বাইৰ বান্দ্ৰাত পুত্ৰ তথা বিধায়ক জিশান ছিদ্দিকীৰ কাৰ্যালয়ৰ সন্মুখত হত্যা কৰা হৈছিল পিতৃক। তিনিজন আক্ৰমণকাৰীয়ে তেওঁৰ ওপৰত গুলীচালনা কৰে। ইয়াৰে দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক হ’ল গুৰমেল সিং আৰু ধৰ্মৰাজ কাশ্যপ। কিন্তু এজন শ্বুটাৰ এতিয়াও পলাতক। তদন্তকাৰীৰ মতে তেওঁৰ নাম শিৱকুমাৰ গৌতম। তেওঁ আছিল এই হত্যাকাণ্ডৰ মূল গুলীচালনাকাৰী। অৰ্থাৎ তেওঁৱেই ছিদ্দিকিৰ ওপৰত মাৰাত্মক গুলী চলাইছিল। তেওঁৰ সন্ধান চলি আছে।











