ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

প্ৰাদেশিক যোগী সন্মিলনীৰ সামৰণি অনুষ্ঠানলৈ যোগী আদিত্যনাথ আহিলে বাধা দিব যুৱ-ছাত্ৰ পৰিষদে

ASSAM TIMES POST by ASSAM TIMES POST
January 21, 2020
Reading Time: 1 min read
A A
0
প্ৰাদেশিক যোগী সন্মিলনীৰ সামৰণি অনুষ্ঠানলৈ যোগী আদিত্যনাথ আহিলে বাধা দিব যুৱ-ছাত্ৰ পৰিষদে

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

নগাঁও :  অসম প্ৰাদেশিক যোগী সন্মিলনৰ শতবৰ্ষ সামৰণি অনুষ্ঠানলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আহিলে তীব্ৰ বাধা প্ৰদান কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে৷ আগন্তুক ১৪, ১৫, ১৬ ফেব্ৰুৱাৰীত নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানৰ মুকলি সভাৰ মুখ্য অতিথিৰূপে আমন্ত্ৰণ কৰা যোগী আদিত্যনাথৰ উপস্থিতি কোনো কাৰণতেই সহ্য নকৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷

এক সংবাদমেল যোগে পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমণি বড়া আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই কয় যে– উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এজন সাম্প্ৰদায়িক নেতা৷ উত্তৰ প্ৰদেশত এতিয়ালৈকে “কা”ৰ বিৰুদ্ধে আন্দোলন কৰা ২১ জন আন্দোলনকাৰীক নৃশংসভাৱে তেওঁৰ চৰকাৰৰ আৰক্ষীয়ে হত্যা কৰিছে৷ ‘কা’ আন্দোলনকাৰী মহিলাক নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ লগতে নিশা জাৰত কঁপি থকা আন্দোলনকাৰীৰ পৰা কম্বল কাঢ়ি নিয়াৰ দৰে নিকৃষ্ট কাৰ্যত লিপ্ত হৈছে৷

আজিকোপতি যোগী আদিত্যনাথে ভাৰতৰ বিভিন্ন স্থানত কাৰ সমৰ্থনত সভা সমিতি কৰি বিষবাষ্প বিয়পাই ফুৰিছে।তেওঁৰ মুখ্যমন্ত্ৰীত্ব কালত বহু লোকক হত্যা কৰা হৈছে যিবোৰ আজিলৈকে ন্যায়িক তদন্তৰ আওতাৰ বাহিৰত থাকিল।তেনে এজন বিতৰ্কিত নেতাক সন্মীলনীয়ে কিয় বৰপীৰা পাৰি দিছে সেয়া ৰহস্যৰ বিষয়।সন্মীলনীৰ নিজৰ গৰীমা সদায় অক্ষুণ্ণ থকাটো বাঞ্ছনীয়।জাতীয় জীৱনৰ এই সংকটৰ সময়ত এনেকুৱা নেতাই অসমৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতিত আঘাত যে হানিব সেয়া ধ্ৰুৰুপ। সংগঠনটোৱে তীব্ৰভাৱে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জনক সমালোচনা কৰি কয় যোগী আদিত্য নাথ নগাঁৱত উপস্থিত হ’লে উক্ত দিনা নগাঁও বন্ধৰ দৰে কাৰ্যসূচীৰ লগতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে৷

যাৰ ফলশ্ৰুতিত শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আয়োজক সমিতি শলঠেকত পৰাতো খাটাং।অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা হঠকাৰী সিদ্ধান্তৰ পৰা বিৰত থাকিবলৈ সন্মিলনীক পৰিষদে আহ্বান জনোৱাৰ লগতে বাকী সমূহ ৰ্কাযসূচীৰ সফল ৰূপায়নত সৰ্বতোদিশত সহায় সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে। ‘কা’ৰ বিৰুদ্ধে অসম জাতীয়তাৱাদী যুব ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে নিৰৱিচিন্নভাৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মন্ত্ৰী নগাঁৱত প্ৰৱেশ কৰে তেন্তে তীব্ৰ বাধা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে৷  সংবাদমেলত নগাঁও জিলা সমিতিৰ উপদেষ্টা মনোজ সিংহ ৰাজা আৰু যুটীয়া সম্পাদক গুণেন্দ্ৰ বৰাও উপস্থিত থাকে৷

Tags: Featured2
Share4Tweet3Send

Related Posts

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে
National-International

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

by Staff Reporter
July 15, 2026
50
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা
National-International

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

by Staff Reporter
July 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

by Staff Reporter
July 15, 2026
50
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

by News Desk
July 14, 2026
50
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

by News Desk
July 14, 2026
50
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে
National-International

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
50
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা
National-International

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

July 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

July 15, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx