ASSAM TIMES POST
নিউজ ডেস্কঃ বিধ্বংসী বনজুইৰ পাছতে অষ্ট্ৰেলিয়াত এতিয়া ধূলি ধুমুহা আৰু শিলাবৃষ্টি হৈছে৷ অষ্ট্ৰেলিয়াৰ বিস্তীৰ্ণ এলেকাত ব্যাপক ধূলি ধুমুহা হয়৷ কোনো কোনো ঠাইত বজ্ৰপাতৰ লগতে বৰষুণ হয়৷ বৰষুণৰ লগতে কোনো কোনো ঠাইত গল্ফ বলৰ সমান বিশাল শিল পৰে৷ উল্লেখ্য যে ধূলিয়ে সূৰ্যক ঢাকি পেলাইছে৷ কেতবোৰ এলেকাত তিনি দিনৰ আগেয়ে ৫০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে৷ ফলত পৰিস্থিতি স্বাভাৱিক হৈ পৰিছে৷ এই শিলাবৃষ্টিৰ ছবি ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভৰি পৰিছে৷











