
মঙলবাৰে পুৱা প্ৰায় ৭ বাজি ৪০ মিনিটত ডিলাই থানা (Dilai Thana)ৰ অনিতৰ্গত পুৰণা লাহৰিজান ফৰেষ্ট বীট অফিচ (Old Laharijan Forest Beat Office)ৰ সন্মুখত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত প্ৰায় ৮ কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ’ইনসহ (Heroin recovered) দুটা সৰবৰাহকাৰীক আটক (Two traffickers arrested) কৰিবলৈ সক্ষম হয় ডিলাই আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS 28 AC 1322 নম্বৰৰ ছয়চকীয়া টাটা বাহনত তালাচী চলাওঁতে বাহনখনৰ টুল বাকচত লুকুৱাই অনা অৱস্থাত ৯৫ পেকেট সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ উদ্ধাৰ হোৱা হেৰ’ইনখিনিৰ ওজন ১১৪০’৫৮ গ্ৰাম (Heroin weighs 1140’58 grams) আৰু বজাৰ মূল্য আনুমানিক ৮ কোটি টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে৷

উদ্ধাৰ হোৱা হেৰইনখিনি নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে জব্দ কৰা হয় বুলি জানিব পৰা গৈছে৷ সন্দেহযুক্ত হেৰইনখিনি সৰবৰাহৰ লগত জড়িত গোৱালপাৰা জিলাৰ ৰাহিদুল ইছলাম আৰু নুৰ আলমক আটক কৰি অধিক তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷












