ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Baba Siddique Murder Case : আৰক্ষীৰ চকুত ধুলি মাৰি কেনেদৰে লুকাই আছিল বাবা ছিদ্দিকীৰ হত্যাকাৰী শিৱকুমাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
November 11, 2024
Reading Time: 1 min read
A A
0
Baba Siddique Murder Case : আৰক্ষীৰ চকুত ধুলি মাৰি কেনেদৰে লুকাই আছিল বাবা ছিদ্দিকীৰ হত্যাকাৰী শিৱকুমাৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ড (Baba Siddiqui’s murder)ৰ অন্যতম প্ৰধান অভিযুক্ত শিৱকুমাৰ (Main accused Shivakumar)ক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ (Police arrested) কৰে। মূল ঘটনাটোৰ পিছত ২৯ দিন ধৰি আৰক্ষীৰ চকুত ধূলি মাৰি তেওঁ পলাই আছিল। আৰক্ষীয়ে জনোৱা মতে, মুম্বাইৰ গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ ভাতৃ আনমোল বিষ্ণয়ে তেওঁৰ সৈতে নিয়মীয়াকৈ সংস্পৰ্শত আছিল। নেপাললৈ পঠিয়াবলৈও পৰিকল্পনা কৰিছিল। কিন্তু তাৰ পূৰ্বেই শিৱকুমাৰ ধৰা পৰে।

যোৱা ১২ অক্টোবৰত দশেৰা উৎসৱৰ সময়ত বান্দ্ৰাত ছিদ্দিকীক গুলীয়াই হত্যা কৰা হৈছিল। ঘটনাস্থলীত তিনিজন আক্ৰমণকাৰীয়ে তেওঁক গুলীচালনা কৰে। তাৰে দুজনক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কিন্তু শিৱকুমাৰ পলাই আছিল। তদন্তকাৰীয়ে দাবী কৰিছে যে ছিদ্দিকী হত্যাৰ সময়ত শিৱকুমাৰেই গুলী চলাইছিল। উত্তৰ প্ৰদেশৰ বাহৰেইচৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। উত্তৰ প্ৰদেশ আৰক্ষীয়েও মুম্বাই আৰক্ষীৰ লগতে এই গোচৰত সহায় কৰে।

baba 1 | ASSAM TIMES POST
বাবা ছিদ্দিকীৰ হত্যাকাৰীৰ প্ৰধান অভিযুক্ত শিৱকুমাৰক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ

দেওবাৰে আৰক্ষীয়ে শিৱকুমাৰৰ লগতে আন চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। আটাইকেইজনে অভিযুক্তক পলায়ন কৰাত সহায় কৰিছিল বুলি অভিযোগ উঠিছে। তাৰ সমান্তৰালকৈ তেওঁলোক কিবা নহয় কিবা প্ৰকাৰে ছিদ্দিকীক হত্যাৰ মূল চক্ৰান্তত জড়িত হৈ পৰিছিল। উত্তৰ প্ৰদেশৰ এছটিএফৰ ডেপুটি-এছপি প্ৰমেশ শুক্লাই কয়, “শিৱকুমাৰ আনমোল বিষ্ণয়ৰ সংস্পৰ্শত আছিল। প্ৰায়ে স্নেপচাটৰ জৰিয়তে কথা পাতিছিল। হত্যাৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ শিৱকুমাৰ আৰু তেওঁৰ সহযোগীসকলক আগ্নেয়াস্ত্ৰ, কাৰ্টিজ, একাধিক ছীম কাৰ্ড আৰু মোবাইল ফোন দিয়া হৈছিল। শুভম লংকৰ আৰু মহম্মদ ইয়াচিন আখতাৰে তেওঁলোকক এইবোৰ দিছিল।” উল্লেখ্য যে ছিদ্দিকী হত্যাকাণ্ডৰ চক্ৰান্তৰ আঁৰৰ অন্যতম মূল ব্যক্তি শুভম বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এতিয়াও তেওঁ পলাতক। দেশৰ বিভিন্ন প্ৰান্তত তেওঁক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছে।

আৰক্ষীয়ে জনোৱা মতে, শিৱকুমাৰে ছিদ্দিকীক হত্যা কৰাৰ বাবে ১২ অক্টোবৰৰ নিশাটো বাছি লৈছিল। কাৰণ তেওঁলোকে ভাবিছিল যে উৎসৱমুখৰ পৰিৱেশত হত্যা কৰি পলায়ন কৰাটো সহজ হ’ব। কিন্তু ঘটনাস্থলীৰ পৰাই আৰক্ষীয়ে আটক কৰে দুই দুর্বৃত্তক। শিৱকুমাৰে কেনেবাকৈ তাৰ পৰা পলাবলৈ সক্ষম হয়। আন দুজন আক্ৰমণকাৰী হৈছে ধমৰৰাজ কাশ্যম আৰু গুৰমেল সিং।

ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ পিছত শিৱকুমাৰে মোবাইল ফোনটো ভাঙি পেলায়। ইয়াৰ পিছত তেওঁ পোনে পোনে পুনেলৈ যায়। তাৰ পৰা ঝান্সী হৈ লক্ষ্ণৌলৈ যায়। ইয়াৰ পিছত তেওঁ বাহৰেচলৈ যায়। তাৰ পৰাই তেওঁ নেপাললৈ পলায়নৰ পৰিকল্পনা কৰিছিল। আৰক্ষীৰ তথ্য অনুসৰি, এই ২৯ দিন শিৱকুমাৰ আনমোলৰ সংস্পৰ্শত আছিল। তেওঁৰ নিৰ্দেশতে বিভিন্ন ঠাইত আশ্ৰয় লৈছিল। ধৃত ধমৰৰাজৰ ককায়েক অনুৰাগ কাশ্যপেও তেওঁক এই কামত সহায় কৰিছিল। দেওবাৰে শিৱকুমাৰৰ সৈতে তেওঁকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে ছিদ্দিকী হত্যাকাণ্ডৰ সৈতে জড়িত ২৩ জন লোকক আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে। এতিয়াও বিচাৰি আছে শুভম লংকৰ আৰু জীশান আখতাৰক। জিশানো অন্যতম প্ৰধান চক্ৰান্তকাৰী। তদন্তকাৰীয়ে দাবী কৰিছে যে তেওঁ গুলীচালনা কৰা লোকসকললৈ ধন প্ৰেৰণ কৰিছিল।

Tags: BabaSiddiqueMurderবাবাছিদ্দিকীৰহত্যাকাৰী
Share4Tweet3Send

Related Posts

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎
National-International

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

by Staff Reporter
July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by Staff Reporter
July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

by Staff Reporter
July 5, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
National-International

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

by Staff Reporter
July 5, 2026
50
SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন
National-International

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

by News Desk
July 5, 2026
50
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

by News Desk
July 4, 2026
50
ADVERTISEMENT
‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎
National-International

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

July 5, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

July 5, 2026
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

July 5, 2026
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx