
বলীউডৰ অভিনেতা শ্বাহৰুখ খানক (Shahrukh Khan) হত্যাৰ ভাবুকি দিয়া অভিযুক্ত ছত্তীশগড় আৰক্ষীৰ জালত। মঙলবাৰে ছত্তীশগড়ৰ ৰায়পুৰৰ পৰা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱকজনক। আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃত যুৱকজনৰ নাম ফৈজান খান। শ্বাহৰুখক হত্যাৰ ভাবুকি দিয়াৰ উপৰি ব্যক্তিজনে বিপুল পৰিমাণৰ ধনদাবীও কৰিছিল।

যোৱা ৭ নৱেম্বৰত বান্দ্ৰা থানালৈ প্ৰেৰণ কৰা হৈছিল এই ভাবুকি বাৰ্তা। তাত কোৱা হৈছিল যে বলীউডৰ ‘বাদশ্বাহ’ যদি জীয়াই থাকিব বিচাৰে তেন্তে ৫০ লাখ টকা দিব লাগিব। ঘটনাৰ পিছতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। মুম্বাই আৰক্ষীৰ এটা দলে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৮(৪) আৰু ৩৫১(৩)ৰ অধীনত অভিযোগ দাখিল কৰি তৎক্ষণাত তদন্ত কৰে।
তদন্তকাৰীয়ে ফোন টাৱাৰৰ ক্লুৰ ভিত্তিত লোকজনক চিনাক্ত কৰে। জানিব পৰা মতে ছত্তীশগড়ৰ ৰায়পুৰৰ পৰা এই ভাবুকি প্ৰেৰণ কৰা হৈছিল। এই খবৰ পোৱাৰ লগে লগে মুম্বাই আৰক্ষীৰ এটা দল ছত্তীশগড়ত উপস্থিত হয় আৰু তাতেই আৰক্ষীৰ হাতত ধৰা পৰে অভিযুক্ত ফৈজান। আৰক্ষীৰ তথ্য অনুসৰি, ধৃত ব্যক্তিজন পেছাত এজন অধিবক্তা।
অৱশ্যে তেওঁৰ ফোনটো ২ নৱেম্বৰত চুৰি হোৱা বুলি দাবী কৰে। ইয়াৰ পিছত ফৈজানে স্থানীয় থানাত লিখিত এজাহাৰো দাখিল কৰে। মুম্বাই আৰক্ষীৰ তদন্তকাৰী দলকো এই কথা অৱগত কৰে। তেওঁ দাবী কৰে যে চুৰি হোৱা ফোনটো ব্যৱহাৰ কৰি আন কোনোবাই শ্বাহৰুখক ভাবুকি দিছিল। এই সপ্তাহতে ফৈজান সোধা-পোছাৰ বাবে বান্দ্ৰা থানাত হাজিৰ হোৱাৰ কথা আছিল।
কিন্তু নিৰ্ধাৰিত সময়ৰ পিছতো তেওঁ হাজিৰ হোৱা নাছিল। ইয়াৰ পিছত মঙলবাৰে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কয় যে অভিযুক্তৰ বক্তব্যত অসামঞ্জস্য আছে। সোধা-পোছাৰ সময়ত ফৈজানে আৰক্ষীক সহায় কৰা নাছিল। সেয়ে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।











