ASSAM TIMES POST
নিউজ ডেস্ক
প্ৰষ্টেট, স্তন, ফুচফুচ, ৰক্ত, অন্ত্ৰসহ প্ৰায় সকলো ধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত কোষক মাৰিবলৈ এটা অভিনৱ উপায় ওলাইছে৷ এই উপায় প্ৰথমবাৰৰ বাবে ওলাল৷ কাৰ্ডিফ বিশ্ববিদ্যালয়ৰ গৱেষক সফল হৈছে এন্দুৰৰ কোষৰ ওপৰত পৰীক্ষা চলায়৷
অৱশ্যে মানুহৰ ওপৰত এই পৰ্যন্ত পৰীক্ষা চলোৱা হোৱা নাই৷ এই বিষয়ে গৱেষণা পত্ৰ প্ৰকাশ হৈছে আন্তৰ্জাতিক বিজ্ঞান জাৰ্নেল ‘নেচাৰ ইমিউনোলজী’ৰ শেহতীয়া সংখ্যাত৷ বিশেষজ্ঞসকলে কোৱা মতে আগন্তুক দিনত মানুহৰ ওপৰতো পৰীক্ষা কৰা হ’ব৷
এই পৰীক্ষাত সফল হ’লে এই পদ্ধতিৰে চিকিৎসা কৰাত বিবেচিত হ’ব৷ এই পদ্ধতিৰে যিকোনো কৰ্কট ৰোগৰ ওপৰতে চিকিৎসা কৰিব পৰা হ’ব৷ যিটো এক যুগান্তৰকাৰী আবিষ্কাৰ হিচাপে পৰিগণিত হৈছে৷











