ASSAM TIMES POST
ডিফুঃ কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ ৰেল ষ্টেছন চৌহদৰ ১০০ ফুট উচ্চতাত উত্তোলিত হ’ল ত্ৰিৰংগা পতাকা ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা ১১-১৫ বজাত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিয়ে ভুমিৰ পৰা ১০০ ফুট উচ্চতাত উত্তোলন কৰা হয় ৰাষ্ট্ৰীয় পতাকা খন ৷
নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিনৰ লগত সংগতি ৰাখি যথাযথ ৰীতিৰে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি পতাকা খন উত্তোলন কৰা হয় ৷ পতাকা উত্তোলন অনুষ্ঠানত ডিফু ৰেল ষ্টেচনৰ এছএছ, একে সিঙ, ষ্টাফ, ডিফু আৰপিএফৰ ভাৰপ্ৰাপ্ত বিষয়া এবি খান, জিআৰপি এফৰ ভাৰপ্ৰাপ্ত বিয়া থানেশ্বৰ বড়ো উপস্থিত থাকে ৷
এছএছ একে সিঙে জানিবলৈ দিয়ামতে বুধবাৰে জিএমে ডিমাপুৰ ৰেল ষ্টেছনতো অনুৰূপ পতাকা উত্তোলন কৰিছিল আৰু আজি ডিফু ৰেল ষ্টেছন চৌহদতো ১০০ ফুট উচ্চতাত ১০ ফুট দৈৰ্ঘৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰা হয় ৷ উল্লেখ যোগ্য সুউচ্চতাত স্থাপিত পতাকাখনে ডিফু ৰেল ষ্টেছনটোলৈ এক নতুন আকৰ্ষণ আনি দিছে ৷












