ASSAM TIMES POST
ধনশিৰিঃ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ডিফু গ্ৰাম্য পানী যোগান আঁচনিৰ অন্তৰ্ভূক্ত “ধনশিৰি পাইপ ৱাটাৰ ছাপ্লাই স্কীম” ৰ যোগেদি এলেকাটোৰ ৰাইজে খাইছে দুৰ্গন্ধময়, শেলুৱৈ যুক্ত আৰু ঘোলা পানী ৷ আমাৰ প্ৰতিবেদকৰ এক অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা ৷ যি সময়ত ৰাজ্য চৰকাৰৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে প্ৰতিটো পৰিয়াললৈ বিশুদ্ধ খোৱাপানী যোগানৰ কথা ডাক-ঢোল বুজাই প্ৰচাৰ কৰি আহিছে সেই সময়ত ধনশিৰি বজাৰৰ উক্ত পানী যোগান আঁচনিটোৱে জনস্বাস্থৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাত সচেতন মহল উদ্বিগ্ন হৈ পৰিছে ৷

আমাৰ প্ৰতিবেদকে উক্ত পানী যোগান আঁচনিটো পৰিদৰ্শন কালত পানীৰ ফিল্টাৰ আৰু সঞ্চয় কক্ষবোৰ লেতেৰা আবৰ্জনাময়, শেলুৱৈযুক্ত আৰু ঘোলা পানী নিৰ্গত হোৱা , আৰু কেইবাঠাইত পানী সৰবৰাহী পাইপ ফুটাৰ দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰে ৷ এই সন্দৰ্ভত সেই সময়ত উক্ত পানী যোগান আঁচনিটোত স্থায়ী ভাবে কৰ্মৰত কৰ্মচাৰী নন্দলাল দাসক সাক্ষাৎ কৰাত উক্ত স্থানত তেওঁৰ লগতে থকা খগেন কলিতা, ৰাজীৱ সৰকাৰ আৰু নিৰেণ নামৰ লোক চাৰিজন কৰ্মৰত যদিও খগেন কলিতা প্ৰায় নাহে বুলি মন্তব্য কৰে ৷
কৰ্মচাৰী কেইজনে উচ্চমানৰ দৰমহা লাভ কৰাৰ পিছতো পানীযোগান আঁচনিটোৰ অস্বাস্থ্যকৰ অৱস্থাটোত বিভাগটোৰ শীৰ্ষ বিষয়া সকলে কিয় নেদেখা কুলিৰ ভাও জুৰিছে সেয়া তাৎপৰ্যৰ বিষয় ৷ আনহাতে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই এই লৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হৈ পৰিছে ৷












