ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Rongbong Terang I পাহাৰৰ দীপ্তসূৰ্য ৰংবং তেৰাং:

ASSAM TIMES POST by ASSAM TIMES POST
December 8, 2024
Reading Time: 1 min read
A A
0
Rongbong Terang I পাহাৰৰ দীপ্তসূৰ্য ৰংবং তেৰাং:

RELATED POSTS

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

New Logo Smal 1 | ASSAM TIMES POST

 পৱিত্ৰ বৰা –

পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ ৰূপকাৰ, স্বনামধন্য সাহিত্যিক ৰংবং তেৰাঙে বাস কৰে ডিফু চহৰৰে এটি নিৰিবিলি অঞ্চল ৰংমংৱেত। কৰ্দৈসিৰীয়া সেউজীয়া পাহাৰৰ তেওঁ স্থায়ী বাসিন্দা। সূর্যোদয়তকৈ সূর্যাস্তৰ দৃশ্য উপভোগ কৰি ভাল পোৱা ৰংবং তেৰাঙে বৰ্তমান ৮৭ বছৰ বয়সত ভৰি দিছে। এখন উপন্যাসৰ পৰিকল্পনা কৰি সৃষ্টিকর্মত আজিও সক্রিয় হৈ তেওঁ ইতিমধ্যে ৪টাকৈ খণ্ড লিখি উলিয়াইছে। আনফালে ‘সাদিন’ কাকতত মনৰ অনুভূতিও লিখি আছে।
পাহাৰৰ দীপ্তসূৰ্য ৰংবং তেৰাং:
পাহাৰৰ দীপ্তসূৰ্য ৰংবং তেৰাং:

মন কৰিবলগীয়া যে কাৰবি জনজীৱনক অপূর্ব গীতিময়তাই অহৰহ আৱৰি থাকে। একাংশ গীতত আনন্দ প্রকাশ কৰাৰ বিপৰীতে কাৰুণ্যও প্রকাশ কৰি আহিছে গীতসমূহে। কাৰবি মৌখিক (কাহিনী গীত, বিননি গীত, নিচুকনি গীত, পুৰা কাহিনী, কিম্বদন্তি) সাহিত্যত চিৰন্তন বিষাদবোধৰ এক ঐতিহাসিক পটভূমি আছে। গীতি-সাহিত্যত অতি চহকী হোৱাৰ উপৰি কাৰবিসকলে পৰম্পৰাগতভাৱে আহৰণ কৰিছে অজস্ৰ সৰু-বৰ মনোৰম কাহিনী। তেনে এটি অতি মনোৰম কাহিনী হ’ল হাঈমু। হাঈ আৰু লং টেৰণৰ প্ৰণয়ত হেঙাৰ ৰূপে থিয় দিয়া ছ’চেং নগৰীৰ ৰংহাং ৰংবঙ (একালৰ ৰাজধানী)ৰ সেনাপতি লংদিলিৰ লোলুপ দৃষ্টিত পৰি হাঈ-লঙৰ সংসাৰ থানবান হোৱা এয়া এক কৰুণ গাথা। এই হৃদয়স্পর্শী আৰু কাৰুণ্যৰে ভৰা কাহিনীটোৱে কাৰবি জনজীৱনক অহৰহ আন্দোলিত কৰি ৰাখে।

ৰংবং তেৰাং সম্প্রতি ব্যস্ত হৈ আছে এই হাঈমু কাহিনী সৃষ্টি হোৱা ঠাইখনৰ আধাৰত এটি অনন্যসুন্দৰ কাহিনী ৰচনা কৰাত। ৰাজ্যখনত নানা সংস্কৃতিৰ সানমিহলি ৰূপ (multicultual dimension)ত বসবাস কৰা স্বজাতিৰ অনাদি কালৰে পৰা চলি অহা পুৰাতন সাহিত্য-সংস্কৃতিক উত্তৰিত কৰাৰ কামত ৰংবং তেৰাং এই বয়সতো ব্যস্ত হৈ আছে।মনত পৰে An Autobiography of Unknown Indianৰ প্ৰসিদ্ধ লিখক, ভাৰতীয় বংশোদ্ভব, পিছলৈ ইংলেণ্ড নিবাসী প্রয়াত নিৰোদ চি. চৌধুৰীলৈ, যিয়ে ৯১ বছৰ বয়সত লিখি উলিয়াইছিল ‘আত্মঘাতী বাঙালী’ নামৰ কিতাপখন। লব্ধপ্রতিষ্ঠ সাহিত্যিক ৰংবং তেৰাঙেও নিবোদ চি চৌধুৰীৰ দৰেই সৃষ্টিৰ ফল্গুধাৰা ৮৭ বছৰ বয়সতো বোৱাই ৰাখিছে। ৰংবং তেৰাঙৰ অনুপম উপন্যাস ‘ৰংমিলিৰ হাঁহি’ক ইতিমধ্যে বৌদ্ধিক সমাজে উচ্চ প্রশংসা কৰিছে।

কাৰবি আংলং জিলাৰ ঈশান কোণত ছন্দময় ৰূপৰ ছংছিংনাং (ঢালেৰে ৰণ কৰা) পাহাৰৰ গাতে লাগি থকা প্রশান্ত সেউজীয়াৰে আৱৰা এডোখৰ ঠাই লাংবুংডিংপী। এই লাংবুংডিংপীতে ১৯৩৭ চনৰ ১৩ জানুৱাৰীত ৰংবং তেৰাঙে জন্মগ্রহণ কৰিছিল। পিছে পানী-কেঁচুৱাতে দেউতাক ৰূপছিং তেৰাং চাকৰিসূত্ৰে নগাঁও জিলাৰ কাকীলৈ গুচি যোৱাত ৰংবং তেৰাঙো কাকী অঞ্চলৰ স্থায়ী বাসিন্দা হৈ পৰে। ৰংবং তেৰাঙে কাকী, লংকা, নগাঁৱতেই শিক্ষা জীৱন শেষ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰি আজীৱন অধ্যাপনা আৰু সৃষ্টিমূলক কামত ব্রতী হৈ আছে আৰু ভৈয়ামৰ অসমীয়া মানুহেও ৰংবং তেৰাঙক অসম সাহিত্য সভাৰ সভাপতিৰ দৰে পদবীত আসীন কৰাই জাতীয় জীৱনৰ সৰ্বোচ্চ সন্মান প্রদর্শন কৰিছে।

স্কুলীয়া ছাত্রাৱস্থাত সোমনাথ দত্তৰ দৰে শিক্ষকৰ প্ৰভাৱে জীৱনৰ গতি সলনি কৰি দিছিল ৰংবং তেৰাঙৰ। নগাঁও কলেজত পঢ়াৰ সময়ছোৱাত অধ্যক্ষ যজ্ঞেশ্বৰ শৰ্মা, ডক্টৰ সৰ্বেশ্বৰ ৰাজগুৰু, কলেজৰ উপাধ্যক্ষ মহেশ চন্দ্র দেবগোস্বামী, ‘কাঠনিবাৰী ঘাট’ৰ স্ৰষ্টা মহিম বৰাৰ দ্বাৰা তেখেত বাৰুকৈয়ে প্রভাবিত হৈছিল। ১৯৬৩ চনত নগাঁৱৰ আমোলাপট্টিৰ নাট্যমন্দিৰত প্ৰথম শুনিছিল ভূপেন হাজৰিকাৰ গীত, অসুস্থ গীতিকাৰ মলিন বৰাৰ চিকিৎসাৰ অৰ্থ সাহায্যৰ বাবে অনুষ্ঠিত কৰা সংগীত সন্ধিয়াত। প্রখ্যাত গায়ক তাৰিকুদ্দিন আহমেদ আৰু পাৰবিন চুলতানাৰ দৰে প্ৰসিদ্ধ গায়ক-গায়িকাই বাস কৰা নগাঁও চহৰখনত তেৱোঁ যে এগৰা

এইসকল প্রসিদ্ধ শিল্পীৰ প্ৰভাৱতে পিছলৈ ডক্টৰ ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ গীতটো কাৰবি ভাষালৈ অনুবাদ কৰি অল ইণ্ডিয়া ৰেডিঅ’, শ্বিলঙত কাৰবি শাখাত গাইছিলগৈ ৰংবং তেৰাঙে। গুৱাহাটী বিশ্ববিদ্যালয়তো ডক্টৰ মহেশ্বৰ নেওগ, ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা, ডক্টৰ গোলোক চন্দ্ৰ গোস্বামী, ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী আদিৰ দৰে দিগ্‌গজ পণ্ডিতসকলৰ সান্নিধ্যই ৰংবং তেৰাঙক বিশেষভাবে উপকৃত কৰিছিল। আনকি সত্ৰীয়া সংস্কৃতিৰ পণ্ডিত ডক্টৰ কেশৱানন্দ দেৱগোস্বামীৰ সান্নিধ্যয়ো তেওঁক উপকৃত কৰিছিল। মহান শিক্ষকসকলৰ সান্নিধ্যত পিছলৈ উজলি উঠা ৰংবং তেৰাঙে সেই সপ্তম শ্রেণীত পঢ়ি থাকোঁতেই শ্বিলঙৰ ‘চপলা বুক ষ্টল’ৰ পৰা পোষ্টকাৰ্ডৰ মাধ্যমেৰে মাত্র ৩ টকা মূল্যত দেৱকান্ত বৰুৱাৰ ‘সাগৰ দেখিছা’ কিতাপখন পঢ়িবৰ বাবে অনাই লৈছিল আৰু ঠিকনাত নামটো ৰংবং তেৰাঙৰ পৰিৱৰ্তে লিখিছিল বাণীকান্ত তেৰাং বুলি।

বাণীকান্ত কাকতিৰ পাণ্ডিত্যই ৰংবং তেৰাঙক সেই কণমানি বয়সতে প্রভাবিত কৰিছিল। লংকা হাইস্কুলত পঢ়ি থকাৰ কালত বিদ্যালয়ৰ পৰিদৰ্শকে শ্ৰেণীত সোমাই Anxious শব্দটোৰ Noun form কি বুলি সোধাত আন ছাত্রই উত্তৰ দিব নোৱাৰাত ৰংবং তেৰাঙে Anxiety বুলি শুদ্ধ উত্তৰ দি নিজৰ শ্ৰেণীটোৰ সন্মান ৰক্ষা কৰিছিল। সহপাঠী বিশ্বনাথ কুৰ্মীৰ সুন্দৰ হাতৰ আখৰত লংকা হাইস্কুলৰ পৰা প্ৰকাশ পোৱা ‘ৰেঙণি’ আলোচনীতে ‘গুড়ি পৰুৱা’ নামৰ গল্পটিৰে তেৰাঙে সৃষ্টিকৰ্মৰ পাতনি মেলে। পিছলৈ কেইবাখনো মনোৰম উপন্যাস, গোটাদিয়েক নিটোল গল্প, ‘কাৰবি লামতাছাম’ (কাৰবি-অসমীয়া-ইংৰাজী অভিধান), ‘শ্রীমদ্ভগৱত গীতা’ কাৰবি ভাষালৈ অনুবাদ কৰাকে ধৰি বুজন সংখ্যক অনুবাদ কর্ম আৰু সৃষ্টিশীল ৰচনাৰে অসমীয়া আৰু কাৰবি সাহিত্যক সমৃদ্ধ কৰিছে ৰংবং তেৰাঙে। সেউজীয়া পাহাৰৰ বৰ্ণিল সংস্কৃতি আৰু বিচিত্ৰ জীৱন-গাথাৰ মাজত বুদ্ধ-গান্ধীৰ অহিংসা নীতিৰে জীৱন নির্বাহত অভ্যন্ত ৰংবং তেৰাং পাহাৰৰ দীপ্তসূর্য তথা মহীৰুহ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: An Autobiography of Unknown IndianAnxietyঅজস্ৰ কাহিনীঅসম সাহিত্য সভাঅহিংসা নীতিআত্মঘাতী বাঙালীউপন্যাসৰ পৰিকল্পনাঐতিহাসিক পটভূমি.কাৰবি জনজীৱনকাৰবি ভাষাকাৰবি লামতাছামকৰ্দৈসিৰীয়া সেউজীয়া পাহাৰখণ্ড লিখাগায়ক-গায়িকাগীত-সাহিত্যগীতিময়তাগুড়ি পৰুৱাগুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰছ\'চেং নগৰীছন্দময় ৰূপডক্টৰ মহেশ্বৰ নেওগডিফু চহৰনগাঁও কলেজনিৰিবিলি অঞ্চল ৰংমংৱেতনিৰোদ চি. চৌধুৰীপাহাৰ-ভৈয়ামৰ সমন্বয়ৰ ৰূপকাৰবাণীকান্ত তেৰাংবৌদ্ধিক সমাজভূপেন হাজৰিকামনোৰম উপন্যাসমহীৰুহলংদিলিৰ লোলুপ দৃষ্টিতলাংবুংডিংপীশ্রীমদ্ভগৱত গীতাসত্ৰীয়া সংস্কৃতিসাদিন কাকতসাহিত্য সমৃদ্ধিসাহিত্য-সংস্কৃতিৰ উত্তৰিতসূর্যাস্তসূর্যোদয়সৃষ্টিকর্মসোমনাথ দত্তস্নাতকোত্তৰ ডিগ্ৰীস্বনামধন্য সাহিত্যিক ৰংবং তেৰাঙহাঈ আৰু লং টেৰণহাঈমুহৃদয়স্পর্শী কাহিনী১৯৩৭ চনৰংমিলিৰ হাঁহিৰংহাং ৰংবঙ
Share9Tweet6Send

Related Posts

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
50
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
50
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
60
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d