ASSAM TIMES POST
ডিফু : ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰতিবছৰে পালন কৰি অহা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস -ৰ দশমটো সংস্কৰণ আজি ডিফুৰ আৱৰ্ত ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উদযাপন কৰা হয়৷ আজি আয়েজিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদ্বোধন কৰে কাৰবি আংলং জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মুকুল কুমাৰ শইকীয়াই ৷

তেখেতে ভোটাৰ দিৱস আয়োজন কৰাৰ মুল উদ্দেশ্য আৰু গণতান্ত্ৰিক ব্যৱস্থাত ভোটদানত অংশগ্ৰহণেৰে সুস্থ আৰু সৱল গণতন্ত্ৰ গঢ়ি তোলাৰ ওপৰত আলোকপাত কৰে৷ জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ বিষয় “সবল গণতন্ত্ৰৰ বাবে নিৰ্বাচনী সাক্ষৰতা”ৰ ওপৰত ব্যাখ্যা দাঙি ধৰাৰ লগতে ভোটাৰৰ সংক্ৰান্তীয় বিভিন্ন বিষয়ক কাৰ্যসুচীসমূহৰ ওপৰতো আলোকপাত কৰে৷ ইয়াৰোপৰি ডিফুৰ নিৰ্বচনী বিষয়া কে, জেমিও উক্ত অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে বহুমূলীয়া বক্তব্য প্ৰজান কৰে ৷

উল্লেখযোগ্য যে, ১৯৫০ চনত ভাৰতৰ নিৰ্বাচন আয়োগ গঠন হোৱা দিনটোকে গত ২০১১ চনৰপৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাবে পালন কৰি অহা হৈছে৷অনুষ্ঠানটিত ভোটাৰৰ সংকল্প পাঠ কৰোৱায় নিৰ্বাচনী শাখাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কে, জেমিয়ে ৷ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা কুইজ তথা ৰচনা প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰাৰ লগতে যোৱা বছৰটোত নিৰ্বাচনী পঞ্জীয়নৰ লগতে বিভিন্ন দায়িত্ব সুচাৰুৰূপে পালন কৰা বিভিন্ন পৰ্যায়ৰ বিষয়াৰ মাজত প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়৷ এই অনুষ্ঠানতে ১৮ বছৰ সম্পূৰ্ণ হোৱা নতুন ভোটাৰসকলক প্ৰমাণপত্ৰ আৰু বেজ প্ৰদান কৰা হয়৷













