
বুধবাৰে পুৱা প্ৰায় ১১ বজাত ডিফু (In Diphu)ত আন্তঃজিলা কলেজ সাংস্কৃতিক সমাৰোহৰ (Inter-District College Cultural Festival) অভ্যৰ্থনা সমিতিয়ে (Reception Committee) এক সংবাদমেল (Press conference)ৰ আয়োজন কৰে৷ সংবাদমেল সম্বোধন কৰি অভ্যৰ্থনা সমিতিৰ সভাপতি লিপচন বেই সদৰি কৰে যে, ২৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৈঠালাংছ’ত অনুষ্ঠিত হ’ব সদৌ কাৰ্বি আংলং আন্ত:জিলা কলেজ সাংস্কৃতিক সমাৰোহ৷ বৈঠালাংছ’ৰ (Baithalangs’) ছেৰডিহুন আক্লামত ২৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ’ব।

সমাৰোহৰ অভ্যৰ্থনা সমিতিৰ সভাপতি লিপচন বে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ মুঠ ১৫ খন কলেজৰ উক্ত সমাৰোহত অংশগ্ৰহণ নিশ্চিত হৈছে। প্ৰত্যেকখন কলেজৰ পৰা ৫০ গৰাকীকৈ ছাত্র-ছাত্রীয়ে সাংস্কৃতিক সমাৰোহত অংশ ল’ব বুলি জানিবলৈ দিছে লিপছন বে’ই।












