
শুকুৰবাৰে দিনৰ প্ৰায় চাৰে বাৰ বজাত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান দুদু ক’লনি (Laharijan Dudu Colony)ৰ অন্তৰ্গত চৰ্দাৰ কলনিত সন্দেহযুক্ত হেৰ’ইন (Heroin Recovered)সহ দুটা সৰবৰাহকাৰীক আটক (Two traffickers arrested) কৰিবলৈ সক্ষম হয় আৰক্ষী৷ এক গোপন খবৰৰ ভিত্তিত খটখটী থানাৰ অচি নিতুল শইকীয়াৰ নেতৃত্বত আৰু এছআই বিমান চেতিয়া অমৰ জ্যোতি শৰ্মা, থানা ষ্টাফ লগতে দুদু ক’লনিৰ গাওঁৰক্ষী বাহিনীৰ সহযোগত চৰ্দাৰ ক’লনিৰ এটা ভাড়া ঘৰত তালাচী চলাই জামাল হুছেইন (২৭)ৰ পৰা ১৪ টা চাধা টেমাত ৰখা ১২’১২০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ (Recovering heroin) কৰিবলৈ সক্ষম হয় ৷

পিছত জামাল হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত আব্দুল কাদিৰক আটক কৰে ৷ ঘটনাস্থলিত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্ম আৰু নিৰপেক্ষ সাক্ষী গণৰ সাক্ষাতে সন্দেহ যুক্ত হেৰইনখিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷













