
২ জানুৱাৰীত ঘৰৰ পৰা ওলাই গৈছিল ১৪ বছৰীয়া দলিত কিশোৰী এগৰাকী (Dalit Girl Rape)। তেওঁ দৰ্জীৰ ওচৰলৈ গৈছিল। তাৰ পিছৰ পৰা একেৰাহে দুমাহ ধৰি কোনো সন্ধান পোৱা নাই তেওঁৰ।

থানাত অভিযোগ কৰা হৈছিল যদিও কোনো ফল নাপালে। অৱশেষত কিছুদিন পূৰ্বে হঠাৎ ছোৱালীজনী ঘৰত আহি উপস্থিত হয়।
ছোৱালীজনীয়ে কান্দি কান্দি কোৱা কথাবোৰ শুনি ঘৰৰ সকলোৱে চকুলো টোকাৰ বাহিৰে উপায় নাছিল।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মোৰাবাদত। যোৱা ২ জানুৱাৰীত এদল যুৱকে কিশোৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে।
অপহৰণ কৰি গাড়ীত ভৰাই হাত-ভৰি বান্ধি লৈ যায়। তাৰ পিছত ড্ৰাগছ সোৱন কৰাই তেওঁক অচেতন কৰি পেলায়। নিৰ্জন ঠাইলৈ লৈ গৈ এটা ঘৰৰ ভিতৰত বন্দী কৰি ৰাখে। তাতেই দিনৰ পিছত দিন ছোৱালীজনীক দলবদ্ধ ধৰ্ষণ কৰে চাৰিজন যুৱকে।
আনহাতে, অভিযুক্তই বাৰে বাৰে তেওঁৰ লগতে তেওঁৰ পৰিয়ালকো হত্যাৰ ভাবুকি দিছিল। কিছুদিন পূৰ্বে সেই অঞ্চলৰ পৰা ছোৱালীজনীক ভোজপুৰলৈ নি পুনৰ এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল। তাৰ পৰা কেনেবাকৈ পলাবলৈ সক্ষম বৃহয় ভুক্তভোগী। কিশোৰীগৰাকীয়ে কয় যে অভিযুক্তই তেওঁৰ হাতত অঁকা টেঁটুটো জ্বলাই দিয়ে। মাংস খাবলৈও বাধ্য কৰায়।
এই পৰ্যন্ত আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালৰ অভিযোগৰ ভিত্তিত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। কিন্তু ইমান দিনৰ পাছতো বাকী তিনিজন অভিযুক্তৰ অৱস্থান বিচাৰি পোৱা হোৱা নাই।











