
খটখটী আৰক্ষী (Khatkhati Police)য়ে আজি বিয়লি ৩ বজাত এক গোপন সূত্ৰৰ পমখেদি বুজন পৰিমাণৰ হেৰ’ইনসহ এজন ব্যক্তিক আটক (One person detained) কৰে।

আৰক্ষী সূত্রে জানিব পৰা মতে খটখটী থানাৰ অধীনৰ গৌতম বস্তিৰ ৰাষ্ট্ৰীয় ঘাইপথ ২৯ত আহি থকা এনএল-০৭-ইচি-৬৬২৫ নম্বৰৰ স্কুটীত এগৰাকী যুৱকক চলোৱা তালাচী কালত নগালেণ্ডৰ মাংক’লেমবা জিলাৰ মাউংবা (৩০) নামৰ যুৱকজনে পেটত বান্ধি অনা অৱস্থাত ১২.২৬ গ্রাম হেৰ’ইন উদ্ধাৰ (Recovering heroin) কৰা হয়। যুৱকগৰাকীয়ে কৌশলেৰে এটা চাবোনৰ বাকচত হেৰ’ইনখিনি ভৰাই আনিছিল। আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।













