
বেংগালুৰুৰ ৰাজপথত ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ শিলাদিত্য বসুক (Shiladitya Bose) আক্ৰমণ। কানাড়াভাষীৰ এটা দলে তেওঁক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে পুৱা তেওঁ গাড়ীৰে বেংগালুৰু বিমানবন্দৰ অভিমুখে গৈ আছিল। শিলাদিত্যৰ পত্নী মধুমিতা দত্ত হৈছে বায়ুসেনাৰ স্কোৱাড্ৰন লিডাৰ। মধুমিতাৰ জন্ম পশ্চিমবংগৰ ডমডমত।

ঘটনাৰ সময়ত শিলাদিত্যৰ সৈতে তেৱোঁ গাড়ীত আছিল। মধুমিতাই স্বামীক মাৰপিট কৰাৰ ঘটনাৰ পিছত বেংগালুৰুৰ এখন থানাত একাংশ অচিনাক্ত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। অভিযোগ দাখিল কৰাৰ পিছত সন্ধিয়ালৈকে আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
ঘটনাৰ পিছতে শিলাদিত্যই ছচিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰে।
ভিডিঅ’টোত দেখা গৈছে উইং কমাণ্ডাৰৰ শৰীৰ তেজেৰে ৰাঙলী। জানিব পৰা মতে, বেংগালুৰুৰ চি ভি ৰমন নগৰৰ ডি আৰ ডি অ’ কলনীৰ পৰা বিমানবন্দৰ অভিমুখে গৈ আছিল দম্পতীটো। সেই মুহূৰ্তত কানাড়াভাষী এদল লোকে বাইকত উঠি তেওঁলোকৰ পিছে পিছে আহে। শিলাদিত্যৰ গাড়ী ৰখাই কানাড়া ভাষাত অশ্লীল শব্দত চিঞৰিবলৈ ধৰে।
গাড়ীত ডি আৰ ডি অ’ৰ ষ্টীকাৰ দেখি সেই বিষয়ে বিভিন্ন ধৰণৰ মন্তব্য কৰিবলৈ ধৰে। অভিযোগ অনুসৰি, সেই সময়ত গাড়ীৰ পৰা নামি অহাৰ লগে লগে শিলাদিত্যক মাৰপিট কৰে। পিছত শিলাদিত্যৰ পত্নী মধুমিতাই স্থানীয় আৰক্ষী থানালৈ গৈ এজাহাৰ দাখিল কৰে। উক্ত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে।
বেংগালুৰুৰ উপ আৰক্ষী আয়ুক্ত (পূব) ডি দেৱৰাজে কয় যে দুয়োপক্ষৰ মাজত কাজিয়া হোৱাত ইজনে সিজনক আক্ৰমণ কৰে। আৰক্ষীয়ে দাবী কৰিছে যে অঞ্চলটোৰ চিচিটিভি ফুটেজ আৰু পথচাৰীৰ পৰা সংগ্ৰহ কৰা ভিডিঅ’ৰ বিশ্লেষণৰ পৰা দেখা গৈছে যে দুয়োপক্ষই এই কাজিয়াৰ পৰা হাত সাৰিব পাৰিলেহেঁতেন।
উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে জনোৱা মতে, দম্পতীহালে থানাত উপস্থিত হোৱাৰ লগে লগে কৰ্তব্যৰত আৰক্ষী বিষয়াজনে প্ৰথমে প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰি তাৰ পিছত এফআইআৰ দাখিল কৰিবলৈ পৰামৰ্শ দিয়ে। পিছত ছ’চিয়েল মিডিয়াত ভিডিঅ’টো দেখাৰ পিছত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ডি আৰ ডি অ’ৰ মুখ্য কাৰ্যালয়লৈও যায়। তাৰ পিছত মধুমিতাই থানালৈ গৈ এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে লগতে জনোৱা মতে, জেৰাৰ সময়ত অভিযুক্তই দাবী কৰে যে গাড়ীখন পাৰ হৈ যোৱাৰ সময়ত মধুমিতাই কিছু মন্তব্য কৰিছিল। কিন্তু বুজিব নোৱাৰাৰ বাবে অভিযুক্তই পুনৰ জানিব বিচাৰিলে যে তেওঁ কি কৈছে। তাৰ পৰাই কাজিয়া আৰম্ভ হোৱা বুলি অভিযুক্তৰ দাবী। অৱশ্যে এই পৰ্যন্ত যি ভিডিঅ’ পোৱা গৈছে, তাৰ ভিত্তিত তদন্ত অব্যাহত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।












