
‘অপাৰেচন সিন্দুৰ’(Operation Sindoor) এতিয়াও চলি আছে। পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ এদিন পিছতে দেওবাৰে ভাৰতীয় বায়ুসেনাই নিজৰ এক্স হেণ্ডেলত এই কথা ঘোষণা কৰে। অৱশ্যে এই সন্দৰ্ভত কোনো ধৰণৰ জল্পনা-কল্পনা বা ‘মিছা’ তথ্যৰ প্ৰতি গুৰুত্ব নিদিবলৈও তেওঁলোকে দেশবাসীক আহ্বান জনাইছে।

পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সেনাই পাকিস্তানী সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে। উক্ত অপাৰেচনৰ নাম আছিল ‘অপাৰেচন সিন্দুৰ’। দেওবাৰে ভাৰতীয় বায়ুসেনাই কয় যে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি থকাৰ পাছতো সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে।
দেওবাৰে ভাৰতীয় বায়ুসেনাই নিজৰ এক্স হেণ্ডেলত লিখিছে, “ভাৰতীয় বায়ুসেনাই অপাৰেচন সিন্দুৰত নিজৰ কৰ্তব্য সফলতাৰে পালন কৰিছে। সেই কাম তেওঁলোকে দেশৰ স্বাৰ্থত নিখুঁত আৰু পেছাদাৰীভাৱে কৰিছে। সাৱধানতা আৰু বিবেচনাৰে এই অভিযান চলাইছে।”
পিছত বায়ুসেনাই কয় যে অভিযান এতিয়াও চলি আছে। এই বিষয়ে দেশবাসীক সময়মতে অৱগত কৰি থকা হ’ব। পোষ্টটোত ভাৰতীয় বায়ুসেনাই লিখিছে, “এই অভিযান চলি আছে। সেই বিষয়ৰ তথ্য যথা সময়ত দিয়া হ’ব। জল্পনা-কল্পনা আৰু ভুৱা তথ্যৰ প্ৰতি গুৰুত্ব নিদিবলৈ আই এ এফে সকলোকে অনুৰোধ জনাইছে।”
উল্লেখ্য যে ভাৰত-পাকিস্তানে শনিবাৰে যুদ্ধবিৰতি ঘোষণা কৰে। তাৰ অলপ পিছতে পহেলগাম আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ভাৰতে আৰম্ভ কৰা সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত থাকিব নেকি বুলি নাগৰিকৰ এটা শ্ৰেণীৰ মনত প্ৰশ্ন উত্থাপন হ’বলৈ ধৰে।
পাকিস্তানৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থা অব্যাহত থাকিবনে নাই সেই সম্পৰ্কেও বহুতৰ মনত প্রশ্ন উত্থাপন হ’বলৈ ধৰে৷ এইবাৰ ভাৰতীয় বায়ুসেনাই স্পষ্ট কৰি দিলে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁলোকৰ ‘অপাৰেচন সিন্দুৰ’ চলি আছে।











