
উত্তৰাখণ্ডত পুনৰ কেইবাটাও ডাৱৰ বিস্ফোৰণৰ ঘটনা (Uttarakhand Cloud Burst)। ৰাজ্যখনৰ ৰুদ্ৰপ্ৰয়াগ আৰু চামোলী জিলাত শুকুৰবাৰে পুৱা ডাৱৰ বিস্ফোৰণ হয়। কম সময়ৰ ভিতৰতে অত্যধিক বৰষুণৰ ফলত বহু ঘৰ ভাঙি যায়। ধ্বংসাৱশেষৰ তলত বহু লোক আবদ্ধ হোৱাৰ আশংকা কৰা হৈছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে বহু লোক পথত ভূমিস্খলনত আবদ্ধ হৈ পৰিছে।

খবৰ অনুসৰি, উত্তৰাখণ্ডৰ এক বৃহৎ অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বৰষুণে ক্ষতিগ্ৰস্ত কৰিছে। ৰুদ্ৰপ্ৰয়াগ জিলাৰ অলকানন্দা আৰু মন্দাকিনী নদীৰ সংগমস্থলীত ক্ৰমান্বয়ে জলপৃষ্ঠ বৃদ্ধি পাইছে। কেদাৰনাথ উপত্যকাৰ এখন দলং নদীৰ পানীয়ে উটুৱাই লৈ গৈছে। নদী আৰু সৰু সৰু জান-জুৰিৰ পানী ক্ৰমান্বয়ে বাসস্থানত প্ৰৱেশ কৰিছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে কয় যে স্থানীয় প্ৰশাসনে ইতিমধ্যে উদ্ধাৰকাৰ্য আৰম্ভ কৰিছে। প্ৰশাসনিক বিষয়াসকলৰ সৈতে তেওঁ যোগাযোগত আছে বুলিও ধমীয়ে কয়। মুখ্যমন্ত্ৰীৰ সচিবালয়ে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব আৰু জিলা দণ্ডাধীশক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিছে।
ধাৰাসাৰ বৰষুণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ হ’ল ৰুদ্ৰপ্ৰয়াগ জিলাৰ বাসুকেদাৰ অঞ্চল আৰু চামোলী জিলাৰ দেৱাল অঞ্চল। দেৱালত পানীয়ে উটুৱাই লৈ যায় এহাল দম্পতী। এতিয়াও সন্ধান পোৱা হোৱা নাই তেওঁলোকৰ।
যদিও ধ্বংসাৱশেষত আবদ্ধ হোৱাৰ পিছত কেইবাজনো লোক আহত হয়, তথাপিও সকলোকে উদ্ধাৰ কৰা হৈছে। অৱশ্যে আন ঠাইৰ সকলোকে উদ্ধাৰ কৰা হৈছেনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। পানী প্ৰৱেশ কৰা ঘৰৰ পৰা বাসিন্দাসকলক উলিয়াই নিয়া হৈছে। ডুব গৈছে ৰুদ্ৰপ্ৰয়াগৰ হনুমান মন্দিৰ।










