
প্ৰতিটো ভাৰতীয় দম্পতীৰ তিনিটা সন্তান হ’ব লাগে । এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ (Mohan Bhagawat)। তেওঁ দাবী কৰে যে বিশেষজ্ঞসকলে কয় যে তিনিটাতকৈ কম সন্তান জন্ম দিলে প্ৰজননৰ হাৰ লেহেমীয়া হয়।

ফলত সেই পৰিয়াল বা যিকোনো সম্প্ৰদায় ক্ৰমান্বয়ে নোহোৱা হৈ যায়। বৃহস্পতিবাৰে আৰ এছ এছৰ শতবাৰ্ষিকী উপলক্ষে আয়োজিত সংবাদমেলত তেওঁৰ মন্তব্য, “আমি নিশ্চিত কৰিব লাগিব যে দেশত জন্মৰ হাৰ ২.১ যাতে ৰখা হয়।”
আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয়, “ভাৰতৰ জনসংখ্যা নীতিত ২.১ সন্তান জন্ম দিয়াৰ পৰামৰ্শ দিয়া হৈছে, যিটো গড়ে ঠিকেই আছে। কিন্তু কেতিয়াও ০.১ সন্তান জন্ম দিব নোৱাৰি। গণিতত ২.১ হ’লে ২ হয়, কিন্তু জন্মৰ কথা আহিলে দুটাৰ পিছত তিনিটা হ’ব লাগিব। এই কথা মোক চিকিৎসকে কৈছে।”
সেয়েহে তেওঁ ভাৰতীয় মহিলাসকলক তিনিটা সন্তান জন্ম দিবলৈ ‘পৰামৰ্শ’ দিছে । এনে নীতি আন বহু দেশতো কাৰ্যকৰী হৈ আছে বুলি লগতে তেওঁ দাবী কৰে।
উল্লেখ্য যে ভাগৱতে যোৱা বছৰ নাগপুৰত অনুষ্ঠিত আৰ এছ এছৰ অধিৱেশনতো তিনি সন্তান নীতিৰ পোষকতা কৰিছিল।
তেওঁ দাবী কৰিছিল যে জনসংখ্যা বিজ্ঞানৰ শেহতীয়া গৱেষণাই কয় যে যদি কোনো জাতিৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২.১ৰ তললৈ নামি যায় তেন্তে সেই সমাজখন বিলুপ্ত হৈ যাব। ইয়াৰ বাবে কোনো বাহ্যিক আক্ৰমণৰ প্ৰয়োজন নাই। জাতিটো নিজাববীয়াকৈ ধ্বংস হ’ব। তেওঁ কয়, “পূৰ্বেও বহু ভাষা আৰু সভ্যতা এনেদৰে বিলুপ্ত হৈ গৈছে। সেয়েহে জনসংখ্যা বৃদ্ধিৰ হাৰ কেতিয়াও ২.১ৰ তললৈ যোৱা উচিত নহয়।”










