
শনিবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত প্ৰায় ১০ হাজাৰ কমিউনিটি কেডাৰক স্কুটি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)। অনুষ্ঠানত ৯,৭০৪গৰাকী কমিউনিটি কেডাৰক স্কুটি প্ৰদানৰ অনুষ্ঠানিকতা সম্পূৰ্ণ কৰে মুখ্যমন্ত্ৰীয়ে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “অসমৰ আত্মসহায়ক গোটৰ অগ্ৰগামী যাত্ৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৰাজ্যত থকা ২০ হাজাৰৰো অধিক জীৱিকা সখী, কৃষি সখী, বেংক সখীকে আদি কৰি আন কমিউনিটী কেডাৰসকলে। এই কেডাৰসকলে আত্মসহায়ক গোট আৰু ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনসমূহক প্ৰশিক্ষণ আৰু প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াই আহিছে।”
উল্লেখযোগ্য যে খানাপাৰাত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যিক জীৱিকা অভিযানৰ অন্তৰ্গত ৯,৭০৪গৰাকী কমিউনিটী কেডাৰ বা সমূহীয়া কেডাৰলৈ স্কুটী প্ৰদান আৰু ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনলৈ ৫১খন ব্যৱসায়িক বাহন প্ৰদানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, “ঘোষণা কৰিবলৈ পাই ভাল লাগিছে যে প্ৰতিগৰাকী জীৱিকা সখীকে আমাৰ অৰুণোদয় আঁচনিৰ অধীনত সামৰি লোৱাৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ৷”













